লকডাউনৰ মাজতেই নুমলীগড়ত নৃশংস হত্যাকাণ্ড! ভাত নবনোৱাৰ বাবেই মহিলাক হত্যা স্বামীৰ…

লকডাউনৰ মাজতেই নুমলীগড়ত নৃশংস হত্যাকাণ্ড! ভাত নবনোৱাৰ বাবেই মহিলাক হত্যা স্বামীৰ…

ডিজিটেল সংবাদ, নুমলীগড়ঃ লকডাউনৰ মাজতে নুমলীগড়ৰ সুন্দৰপুৰত সংঘঠিত হৈছে এক নৃশংস হত্যাকাণ্ড। ভাত নবনোৱাৰ বাবেই পত্নীক খৰিৰে কোবাই কোবাই হত্যা কৰিলে স্বামীয়ে। জানিব পৰা মতে, হত্যাকাৰী স্বামীৰ নাম ব্ৰজ্বনাথ তপ্প।

ইফালে, মৃত্যু হোৱা মহিলাগৰাকীৰ নাম স্তূতি তপ্প। হত্যাকাণ্ড সংঘটিত কৰি হত্যাকাৰী স্বামীয়ে মনে মনে বাৰীত মৃতদেহ পুতি থোৱাৰ পৰিকল্পনা কৰোতেই স্থানীয় গাওঁৰক্ষী বাহিনীৰ তৎপৰতাত ঘটনাটো পোহৰলৈ আহিল। হত্যাকাৰী ব্ৰজ্বনাথ পলাব খোজোতেই ৰাইজে ধৰি এজোপা গছত বান্ধি আৰক্ষীক খবৰ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in