৮০ ঊৰ্ধৰ তিনি গৰাকী আইতাই উন্মোচন কৰিলে বিদ্যালয়ত মূল্যবোধৰ শিক্ষা’ শীৰ্ষক গ্ৰন্থ

৮০ ঊৰ্ধৰ তিনি গৰাকী আইতাই উন্মোচন কৰিলে বিদ্যালয়ত মূল্যবোধৰ শিক্ষা’ শীৰ্ষক গ্ৰন্থ

৮০ ঊৰ্ধৰ তিনি গৰাকী আইতাই উন্মোচন কৰিলে মূল্যবোধৰ শিক্ষা' শীৰ্ষক গ্ৰন্থ

 ডিজিটেল সংবাদ,বোকাখাত: বৰ্তমান সময়ত শিক্ষাৰ পৰিসৰ বহু পৰিমাণে বৃদ্ধি হৈ আহিছে বিজ্ঞান আৰু প্ৰযুক্তি প্ৰসাৰৰ লগে লগে আনুষ্ঠানিক শিক্ষাৰ লগত বহু দিশ সংযুক্ত হৈছে। ছাত্ৰ-ছাত্ৰীৰ ওপৰতো পৰীক্ষা কেন্দ্ৰিক এক মনোভাৱ জাপি দিয়া হৈছে ।পৰীক্ষাত ভাল নম্বৰ লাভ কৰিলেহে ভাল ছাত্ৰ বা ছাত্ৰী বুলি স্বীকৃতি পোৱাৰ প্ৰণতা বৃদ্ধি হৈছে।পূৰ্বৰ তুলনাত এতিয়া আাৰু জটিল হৈ পৰিছে শিশুৰ মানসিকতা কাৰণ এতিয়া লকডাউনৰ সময় ডিজিটেল মাধ্যমেৰে শিশুক শিক্ষা প্ৰদান কৰাৰ বাহিৰে যেন উপায়ো নাই। এই সময়ত শিশু সকলৰ মাজত মূল্যবোধ প্ৰায় নাইকিয়া হৈ গৈছে । মূল্যবোধৰ  শিক্ষানো কি? মুল্যবোধে শিশুৰ সামাজিক বিকাশত কি প্ৰভাৱ পেলাই? বিদ্যালয়ত মূল্যবোধৰ শিক্ষাৰ কি প্ৰয়োজনীয়তা আছে ? এনেবোৰ প্ৰশ্ন তথা বিষয়ক লৈয়ে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াই লিখি উলিয়াইছে 'বিদ্যালয়ত মূল্যবোধৰ শিক্ষা' শীৰ্ষক এখন গ্ৰন্থ।

আজি বোকাখাত ম'হকুমাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়া গাঁওস্থিত লেখক শইকীয়াৰ নিজা বাসগৃহৰ চোতালত কোভিড-১৯ৰ সকলো নীতি-নিয়ম মানি উক্ত গ্ৰন্থখন উন্মোচন কৰা হয়। উন্মোচন কৰে লেখক মহেন শইকীয়াৰ ৯০ ঊৰ্ধৰ মাতৃ তিলেশ্বৰী শইকীয়া,৮০ ঊৰ্ধৰ দুগৰাকী আইতা প্ৰেমলতা শইকীয়া আৰু দেব' কাকতিয়ে। উন্মোচক তিনিওগৰাকী আইতাই কিতাপখন ল'ৰা-ছোৱালীক পঢ়িবলৈ আহ্বান জনোৱাৰ লগতে লেখকক মহেন শইকীয়াকো পৰৱৰ্তী সময়ত এইদৰে কিতাপ লিখিবৰ বাবে আশীৰ্বাদ প্ৰদান কৰে । জীৱনৰ বিয়লি বেলাত তিনিও গৰাকী আইতাই কিতাপ উন্মোচন কৰিবলৈ পাই আনন্দিত হৈছে বুলিও প্ৰকাশ কৰে। কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যতীন কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত লেখক মহেন শইকীয়াই নিজৰ শিক্ষকতাৰ বিভিন্ন অভিজ্ঞতাই গ্ৰন্থখন লিখিবলৈ অনুপ্ৰাণিত কৰা বুলি উল্লেখ কৰে ।

এগৰাকী ছাত্ৰ অথবা ছাত্ৰী পুথিগত শিক্ষাৰে যিমানেই শিক্ষিত নহওক কিয় মূল্যবোধৰ শিক্ষা নাথাকিলে সেয়া বৃথা বুলিও তেওঁ সদৰী কৰে । প্ৰসংগক্ৰমে উল্লেখ্য যে ২০১৯ চনত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰা লেখক শইকীয়াৰ আজি উন্মোচিত হোৱা গ্ৰন্থখন নৱমখন গ্ৰন্থ। আজিৰ এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কৃষি বিষয়া জীৱন শইকীয়া,শিক্ষয়িত্ৰী তুলা গগৈ শইকীয়া,সাংবাদিক সকল ক্ৰমে  ৰিণ্টু দুৱৰা,সাগৰ হাজৰিকা,চন্দন বৰা আদি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in