নুমলীগড়ৰ সমীপৰ বকিয়াল চাহ বাগিচাত বন্যহস্তীৰ মৃত্যু…

নুমলীগড়ৰ সমীপৰ বকিয়াল চাহ বাগিচাত বন্যহস্তীৰ মৃত্যু…

ডিজিটেল সংবাদ,নুমলীগড়ঃ প্ৰায় দুমাহ মান পূৰ্বে অন্য হাতীৰ লগত হোৱা যুঁজত আঘাতপ্ৰাপ্ত হৈছিল হাতীটো। শুকুৰবাৰে নিশা কৰুণ মৃত্যু হয় নুমলীগড় ৰ বকিয়াল চাহ বাগিচাৰ 23 নং বাগানত।বকিয়াল বন কাৰ্যালয় আৰু গোলাঘাট বন বিভাগে বিগত দুমাহে চিকিৎসা কৰিও ৰক্ষা কৰিব নোৱাৰিলে হাতীটো।

জানিব পৰা মতে আজি কেইবাদিন পূৰ্বৰে পৰা বাগিচাখনৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিল এখন ভৰিত আহত লেংগগুৰা হাতীটোক। হাতীটোৰ মৰোণোত্তৰ পৰীক্ষা কৰাৰ পাছত বন বিভাগৰ চিকিৎসক ডাঃ চামচুল আলি য়ে হাতীটোৰ আগফালৰ সোঁ ভৰিটোৰ হাড় ভাঙি চেপ্তিমিয়া হৈ হাতীটোৰ মৃত্যু হোৱা বুলি মত প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in