ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ

ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ

ডিজিটেল সংবাদ, ৰহাঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰহা সমষ্টিৰ বিভিন্ন অঞ্চলতো বানৰ তাণ্ডব অব্যাহত আছে। বানৰ কবলত দিশহাৰা হৈ পৰিছে ৰহাৰ ভিন্ন প্ৰান্তৰ বানাক্ৰান্ত৷ খাদ্য ,বস্ত্ৰ ,বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই। ৰহাৰ বানৰ কবলত সৰ্বশ্ৰান্ত হোৱা ৰাইজক উপযুক্ত সাহায্য প্ৰদানত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে এনএছইউআইয়ে।

যাৰ পৰিপ্ৰেক্ষিতত ৰহাৰ বিভিন্ন প্ৰান্তত বানৰ কবলত পৰা বন্যাৰ্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰহা ব্লক এনএছইউআই। নগাঁও জিলা এ্ৰনএছইউআইৰ উদ্যোগত বৃহস্পতিবাৰে ৰহা ব্লক এনএছইউআইৰ সদস্যসকলে ৰহাৰ ভিন্ন প্ৰান্তত বান সাহায্য সংগ্ৰহ কৰে। সংগঠনটোৰ সাহায্য সংগ্ৰহৰ প্ৰতি স্বতঃস্ফূৰ্তভাৱে সহাঁৰি জনায় জন সাধাৰণেও। উল্লেখ্য যে, ২০ জুলাইত সমষ্টিটোৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ বানাক্ৰান্তসকলক প্ৰদান কৰিব এই বান সাহায্য৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in