ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুনানিৰ নামত হাৰাশাস্তি, নিশা শুনানিৰ জাননী লাভ কৰি লঘোণে ভোক শিৱসাগৰত উপস্থিত শতাধিক পৰিয়াল…

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুনানিৰ নামত হাৰাশাস্তি, নিশা শুনানিৰ জাননী লাভ কৰি লঘোণে ভোক শিৱসাগৰত উপস্থিত শতাধিক পৰিয়াল…

ডিজিটেল সংবাদ, শিৱসাগৰঃ এন আৰ চিৰ শুনানিৰ নামত কৰ্তৃপক্ষই একাংশ লোকক কৰা হাৰাশাস্তি দেখি স্তম্ভিত হৈ পৰিল ঐতিহ্য নগৰী শিৱসাগৰৰ জনসাধাৰণ ।গৰ্ভৱতী মহিলা,কোলাত পানী কেঁচুৱালৈ হলেও লঘোণে-ভোকে এন আৰ চি শুনানি কক্ষৰ সন্মুখত দিনটো পৰদিও নিৰ্ধাৰিত সময়ত শুনানিত অংশগ্ৰহণ কৰিব পৰা নাই শ-শ পৰিয়াল । নিশা শুনানিৰ জাননী লাভ কৰি ৰাতিটোৰ ভিতৰতে শিৱসাগৰত উপস্থিত হব লগীয়া হৈছিল এইসকল পৰিয়াল ।

বৰপেটা, বাকো, কামৰূপকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এন, আৰ, চিৰ শুনানিৰ বাবে সোমবাৰে শিৱসাগৰত উপস্থিত হয় এই সকল লোক ।।উল্লেখ্য যে এই সকলৰ সৰহ সংখ্যকে দেওবাৰে নিশাহে শুনানিৰ জাননী লাভ কৰিছে ।নিশাটোৰ ভিতৰতে কোনো কোনোৱে মাটি বন্ধকত দি,কোনোৱে ঘৰৰ অলংকাৰ বিক্ৰী কৰি শিৱসাগৰত উপস্থিত হয়হি।

শিৱসাগৰত আহি এই সকল লোকে শুনানি কেন্দ্ৰ বিচাৰি হাবাথুৰি খাব লগীয়া অৱস্থাৰ সন্মূখীন হয় ।স্থানীয় লোকৰ সহযোগত তেওঁলোকে নিৰ্দিষ্ট শুনানি কেন্দ্ৰত উপস্থিত হয় যদিও নিৰ্ধাৰিত সময়ত বিভাগে শুনানি লব নোৱাৰাত দিনটো লঘুণে ভোকে থাকিব লগীয়াত পৰে। গৰ্ভৱতী মহিলা, কোলাত কেঁচুৱা, বৃদ্ধ, পুৰুষ- মহিলাই দিনটো এনে হাৰাশাস্তি দেখি স্তব্ধ হৈ পৰে ঐতিহ্য নগৰী শিৱসাগৰৰ জনসাধাৰণ ।ঐক্য সেনাকে ধৰি স্থানীয় জনসাধাৰণে এই সকল লোকৰ হাহাকাৰ অৱস্থা দেখি শুনানি কেন্দ্ৰৰ সন্মুখতে খোৱাৰ ব্যৱস্থা কৰি কিছু সকাহ দিবলৈ চেষ্টা কৰে ।ইয়াৰ মাজতে কামৰূপৰ পৰা অহা ৭০ বছৰীয়া মতলিব আলী নামৰ এগৰাকী ব্যক্তি উচ্চ ৰক্ত চাপৰ বাবে মাটিত ঢলি পৰাৰ ঘটনাও সংঘটিত হয় ৷

শুনানিৰ নামত অতি কম সময়ৰ ব্যৱধানত জাননী প্ৰেৰণ কৰি এনেদৰে সাধাৰণ লোকক হাৰাশাস্তিৰ সন্মূখীন হবলৈ এৰিদিয়া এন আৰচি কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত বিবেচনা কৰিবলৈ জনসাধাৰণে আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in