শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষত ভোট দি বিপদত নাগালেণ্ডৰ ২ সাংসদ…

13,499

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষত ভোট দিয়াৰ বাবে নাগা পিপ’লছ ফ্ৰন্টৰ অনুশাসন কমিটীয়ে দলটোৰ দুয়োগৰাকী সাংসদ KG Kenye (ৰাজ্যসভা) আৰু Dr Lorho S Pfoze (লোকসভা)ক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। অনুশাসন কমিটীৰ অধ্যক্ষ Blaise Iheilung আৰু সম্পাদক Tsumongo Ovungয়ে দুয়োগৰাকী সাংসদলৈ পৃথককৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

দলৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ সাংসদ দুগৰাকীয়ে ‘কা’ৰ সপক্ষত ভোট দিয়াৰ অভিযোগ। যাৰ বাবে বৃহস্পতিবাৰে দলৰ কহিমাস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুশাসন কমিটীয়ে এখন বৈঠক অনুষ্ঠিত কৰি সাংসদ দুগৰাকীয়ে লোকসভা আৰু ৰাজ্যসভাত ‘কা’ৰ সপক্ষত ভোট দিয়া কাৰ্যৰ বিচাৰ কৰে।

নাগালেণ্ড পিপ’লছ ফ্ৰন্টৰ ২০১৯ বৰ্ষৰ জানুৱাৰীৰ ৩০ তাৰিখে অনুষ্ঠিত ক’ৰ কমিটিৰ বৈঠক আৰু চিইচিৰ বৈঠকত ‘কা’ৰ বিৰোধ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। তাৰ পিছতো দুয়োগৰাকী সাংসদে ‘কা’ৰ সমৰ্থনত ভোট দিয়া কাৰ্যৰ বাবে তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি