নৱেম্বৰত হ্ৰাস পালে জিএছটিৰ পৰা সংগৃহীত ৰাজহ

নৱেম্বৰত হ্ৰাস পালে জিএছটিৰ পৰা সংগৃহীত ৰাজহ

ডিজিটেল ডেস্কঃ অক্টোবৰ মাহত ১লাখ কোটিৰ সীমা অতিক্ৰম কৰাৰ পিছত সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জিএছটিৰ অধীনত সংগৃহীত ৰাজহৰ পৰিমাণ নৱেম্বৰত ৯৭,৬৩৭ কোটি টকালৈ হ্ৰাস পায়। নৱেম্বৰ মাহত সংগৃহীত এই ৰাজহ অক্টোবৰ মাহৰ লেনদেনৰ বিপৰীতে আদায় কৰা হৈছে। ছেপ্টেম্বৰ মাহৰ বিপৰীতে অক্টোবৰ মাহত সংগ্ৰহ কৰা জিএছটিৰ ৰাজহৰ পৰিমাণ আছিল ১,০০,৭১০ কোটি।

বিত্ত মন্ত্ৰণালয়ৰ সূত্ৰই সদৰী কৰা মতে, ৩০ নৱেম্বৰ পৰ্যন্ত জিএছটিআৰ-৩বি ৰিটাৰ্নৰ বাবে মুঠ ৬৯.৬ লাখ আবেদন পোৱা গৈছিল। ইয়াৰ জৰিয়তে ১৬,৮১২ কোটি চেন্ট্ৰেল জিএছটি (চিজিএছটি), ২৩,০৭০ কোটি ষ্টেট জিএছটি (এছজিএছটি), ৪৯,৭২৬ কোটি ইণ্টিগ্ৰেটেড জিএছটি (আইজিএছটি) আৰু চেছ (উপকৰ) হিচাপে ৮০৩১ কোটি টকা সংগৃহীত হয়।

চিজিএছটি আৰু এছজিএছটিৰ পৰিমাণ বিগত মাহৰ তুলনাত সামান্য পৰিমাণে বৃদ্ধি পোৱাৰ বিপৰীতে আইজিএছটিৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস পায়। আইজিএছটিৰ অধীনত সংগ্ৰহ কৰা হোৱা ৰাজহৰ পৰিমাণ অৱনমিত হোৱাৰ ফলতে জিএছটিৰ অধীনত নৱেম্বৰ মাহত সংগৃহীত মুঠ ৰাজহ অক্টোবৰৰ তুলনাত হ্ৰাস পোৱা বুলি বিত্ত মন্ত্ৰণালয়ে সদৰী কৰিছে।

নিয়মিত বন্দোৱস্তিৰ জৰিয়তে আইজিএছটিৰ পৰা ১৮,২৬২ কোটি চিজিএছটি আৰু ১৫৭০৪ কোটি এছজিএছটিলৈ পৰিৱৰ্তিত কৰা হয় বুলিও বিত্ত মন্ত্ৰণালয়ে জানিবলৈ দিছে। উল্লেখ্য যে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যসমূহলৈ জিএছটিৰ ক্ষতিপূৰণ হিচাপে ১১,৯২২ কোটি মোকলাই দিয়া হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in