শেহতীয়া খবৰ
জাল আধাৰ কাৰ্ড, বাংলাদেশৰ চীম কাৰ্ড সংলগ্ন মোবাইলসহ, গুৱাহাটীত আটক ৮ বাংলাদেশী নাগৰিক  •  ৰাজ্যৰ ৪ সমষ্টিত ৫৪ প্ৰাৰ্থীৰ মাজত অন্তিম নিৰ্বাচনী যুঁজ...  •  ২৪ ঘণ্টাই নিৰ্বাচনী খবৰ কেৱল ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত...  •  জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী

৩১ জানুৱাৰীৰ পূৰ্বে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ

61

ডিজিটেল সংবাদ, হাফলংঃ উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অহা ৩১ জানুৱাৰীৰ পূৰ্বে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগক নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সমৰজিৎ হাফলংৱাৰে ৰাজ্য চৰকাৰে বৰ্তমানৰ পৰিষদখনৰ কাৰ্যকাল বৃদ্ধি কৰিবলৈ চলোৱা যো-জাৰ বিৰোধিতা কৰি দাখিল কৰা পিআইএল নিষ্পত্তি কৰি এই নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে।

যদিহে ৩১ জানুৱাৰীৰ ভিতৰত নিৰ্বাচন সম্পন্ন কৰাত কোনো বিশেষ জটিলতাই দেখা দিয়ে তেন্তে আগন্তুক বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈকো স্পষ্টকৈ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে।

আনহাত নিৰ্দেশনা জাৰি কৰা দিন আৰু ভোট গণনাৰ দিনৰ মাজৰ পৰ্যাপ্ত ব্যৱধান সুনিশ্চিত কৰিবলৈ যিমানদূৰ সম্ভৱ সিমান সোনকালে নিৰ্বাচন সম্পৰ্কীয় নিৰ্দেশনা প্ৰকাশ কৰিবলৈকো নিৰ্দেশ প্ৰদান কৰিছে আদালতে।

অধিবক্তা দেছৰিন থাওছেনে জনোৱা মতে আদালতে এই ব্যৱধান ৪০-৪৪ দিন হোৱা উচিত বুলিও স্পষ্ট কৰি দিছে আদালতে। তালৈ চাই নিৰ্বাচন সম্পৰ্কীয় নিৰ্দেশনা চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে প্ৰেৰণ কৰাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি