শিলচৰত ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্স উদ্বোধন।

শিলচৰত ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্স উদ্বোধন।

author-image
asomiyapratidin
New Update
শুৱালকুছিত হিতাধিকাৰী নিৰ্বাচনৰ সজাগতা সভা

প্ৰতিদিন সংবাদ, শিলচৰ, ৮ জুনঃ 'অহা ত্ৰিশ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। ইয়াক লৈ উদ্বিগ্ন হোৱাৰ কোনো কথা নাই।' আজি শিলচৰত জীৱনজ্যোতি ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্স নামৰ এখন বেচৰকাৰী হাস্পতালৰ উদ্বোধন কৰি ৰাজ্যবাসীক এই অভয় দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এন আৰ চিৰ উন্নীতকৰণক লৈ এটি প্ৰভাৱশালী চক্ৰই ৰাজ্যত বিৰূপ বাতাৱৰণৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এওঁলোকৰ উদ্দেশ্য হ'ল ৰাজ্যত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰা। ৰাজ্যৰ 6প্ত লাখ পৰিয়ালৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াটো তেওঁৰ ৰাজনৈতিক দায়িত্ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। বিত্ত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক লগত লৈ আজি দুপৰীয়া শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথমে উল্লিখিত বেচৰকাৰী হাস্পতালখন উদ্বোধন কৰাৰ পিচত শিলচৰৰ পৰা প্ৰকাশিত বাংলা দৈনিক 'গতি'ৰ নতুন সংস্কৰণৰো উন্মোচন কৰে। উল্লেখযোগ্য যে এই পত্ৰিকাখনৰ সম্পাদকৰ দায়িত্ব বহন কৰিছে প্ৰাক্তন সাংসদ তথা শিক্ষাবিদ অমলেন্দু ভট্টাচাৰ্যই। পত্ৰিকাখনৰ নতুন সংস্কৰণ উন্মোচন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণ প্ৰসংগত কয় যে বিজেপি দলে বিভাজনৰ ৰাজনীতিক কোনোদিনে বিশ্বাস কৰা নাই। ৰাজ্যৰ ৩৩ খন জিলাৰ উন্নয়নৰ কাম-কাজ একেলগে চলিছে।সমবিকাশৰ দায়বদ্ধতাক লৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়– 'যোৱা দুবছৰে ৰাজ্য চৰকাৰে মানুহৰ কাৰণে কাম কৰিছে। দুৰ্নীতিমুক্ত সমাজ গঢ়িবলৈ হ'লে ভাল মানুহৰ প্ৰয়োজন। গতিকে নৱপ্ৰজন্মক ভাল পথ দেখুৱাব লাগিব পিতৃ-মাতৃয়ে। যোৱা দুবছৰে চৰকাৰে ৪৫ হেজাৰ নিযুক্তি প্ৰদান কৰিছে। মেধাৰ ভিত্তিতে হৈছে এই সকলো চাকৰি। ইয়াৰ কাৰণে কোনো নেতা-মন্ত্ৰীক উপঢৌকন দিবলগা হোৱা নাই।' ড‍‍‍‌৹‍‌ ভূপেন হাজৰিকা, হেমাংগ বিশ্বাসে যি বৃহত্তৰ সমাজ গঠন কৰিছিল, সেই সমাজখনক একাংশই এতিয়া ভঙাৰ চেষ্টা কৰিছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে এনে অৱস্থাত বিবেকানন্দৰ দৰ্শন অনুসৰণ কৰাটো খুব প্ৰয়োজন বুলি কয়। আনহাতে সম্প্ৰতি ৰাজ্যত সংবাদপত্ৰৰ দায়িত্ব খুব গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়– 'নিৰপেক্ষ আৰু সত্যনিষ্ঠ সংবাদ পৰিবেশন কৰাটো খুবেই প্ৰয়োজন। একাংশ গণ মাধ্যমৰ প্ৰৰোচনাত জনগণ বিভ্ৰান্ত হৈছে।' সাংবাদিক আৰু লেখকসকলৰ সমস্যাক লৈ সুচিন্তিত মতামত ব্যক্ত কৰাৰো আবেদন জনায় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লেখক-সাংবাদিকসকলে গঠনমূলক উদ্যোগ ল'লে যেনেকৈ বৰাকৰ জনগণ উপকৃত হ'ব, তেনেকৈ বৰাকৰ লেখক-সাংবাদিকৰ ইতিবাচক ভূমিকায়ো উভয় উপত্যকাৰ সমন্বয়ক আৰু দৃঢ় কৰি তুলিব। বিজেপি চৰকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰে আৰু সংবাদ মাধ্যমৰ গঠনমূলক সমালোচনাক সন্মুখত লৈ কাম কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়। অনুষ্ঠানটোত ভাষণ ৰাখি বিত্ত মন্ত্ৰী ডঙ্ম হিমন্তবিশ্ব শৰ্মাই ভাৰতীয় দৰ্শনৰ সুপ্ৰাচীন ঐতিহ্যৰ কথা দোহাৰি প্ৰসংগক্ৰমে অভিযোগৰ সুৰত কয় যে একাংশ বাওঁপন্থী বুদ্ধিজীৱীয়ে যোৱা সত্তৰ বছৰ ধৰি দেশৰ শৈক্ষিক পাঠ্যক্ৰম নিয়ন্ত্ৰণ কৰি আহিছিল বাবে কাৰ্ল মাৰ্ক্স, ফেডেৰিক এংগেলছৰ মতবাদকে প্ৰাধান্য দি পাঠ্যপুথি প্ৰস্তুত কৰি অহা হৈছে। যাৰ ফলত ভাৰতীয় দৰ্শন উপেক্ষিত হৈ ৰৈছে। চাণক্য বা কৌটিল্য, বেদব্যাস আদিৰ জীৱন দৰ্শনক আঁতৰাই বৰ্তমানৰ পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। বৰ্তমানৰ বিজেপি চৰকাৰে সুপ্ৰাচীন ভাৰতীয় দৰ্শন আৰু মানৱতাবাদক উত্থাপিত কৰিবলৈ গৈয়েই এইসকল বাওঁপন্থী বুদ্ধিজীৱীৰ দ্বাৰা বাধাগ্ৰস্ত হৈছে বুলিও অভিযোগ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়– 'বাওঁপন্থী বুদ্ধিজীৱীসকলে এয়া অসহিষ্ণুতা বুলিও হৈ-চৈ কৰিছে। অথচ হিন্দু দৰ্শনে মানৱতাৰ শিক্ষা দিয়ে। কিন্তু মাৰ্ক্স, এংগেলছ, লেনিন, ষ্টেলিনে সংঘৰ্ষকহে উচটনি দিয়ে। যেতিয়ালৈকে হিন্দুত্ব থাকিব, তেতিয়ালৈকে ভাৰতীয় দৰ্শন থাকিব। ধৰ্মনিৰপেক্ষতা থাকিব।' ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰা মতে দেশ বিভাজনৰ পিচত পাকিস্তান আৰু বাংলাদেশৰ জন্ম হৈছে। কিন্তু এই দেশ দুখনত ইছলামিক শাসন ব্যৱস্থা প্ৰৱৰ্তিত হৈছে। ভাৰতত হিন্দুসকল আছিল বাবেই ধৰ্মনিৰপেক্ষতা আছে। ভাৰতবৰ্ষৰ কাশ্মীৰ, কেৰালা আদি কিছু ৰাজ্যত মুছলমান জনসংখ্যা বাঢ়িছে। হিন্দুসকলে কোৰানকো শ্ৰদ্ধা কৰে, কিন্তু কেইজন মুছলমানে বেদ আৰু গীতাক শ্ৰদ্ধা কৰে বুলিও প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে। কাৰো নামোল্লেখ নকৰাকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা একাংশ বুদ্ধিজীৱীক সমালোচনা কৰি মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নিজৰ ভাষণ প্ৰসংগত কয় যে ৰাজ্যৰ একাংশ বুদ্ধিজীৱীয়ে প্ৰতিদিনে কিমানসংখ্যক হিন্দু বাংলাদেশী অসমলৈ আহিছে, তাৰ হিচাপ দিয়ে। কিন্তু কিমানজন মুছলমান বাংলাদেশী আহিছে তাৰ হিচাপ তেওঁলোকৰ ওচৰত নাই। মিডিয়াক এতিয়া পূৰ্ণৰূপে ভাৰতীয়কৰণ কৰাৰো আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দিলীপ চন্দ্ৰ নাথে কয় যে বৰ্তমান সময়ত প্ৰিণ্ট মিডিয়াৰ সংকট চলিছে বুলি কোৱা হয় যদিও আচলতে সেয়া নহয়। প্ৰিণ্ট মিডিয়াৰ চাহিদা বাঢ়িছে। যোৱা 3 বছৰত দেশত সংবাদপত্ৰৰ ৰৰ কোটি গ্ৰাহক বাঢ়িছে বুলিও উপাচাৰ্যগৰাকীয়ে কয়।