/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/06/6.jpg)
চোৰাং বেহাত জড়িত ৰাজু মেধি-পংকজ আগৰৱালা
প্ৰতিদিন সংবাদ, গুৱাহাটী, ৮ জুনঃ নিষিদ্ধ কানিসহ গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ দুই ঘনিষ্ঠ সহযোগী তথা চোৰাং কাঠ মাফিয়া পংকজ আগৰৱালা আৰু ৰাজু মেধি। গুৱাহাটীৰ উলুবাৰীৰ হোটেল গ্ৰীনভেলীৰ ২০২ নং কোঠাত কালি নিশা মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই বৃহৎ পৰিমাণৰ কানিসহ কাঠ মাফিয়া দুজনক গ্ৰেপ্তাৰ কৰিছে। কালি তিনিচুকীয়াৰ পৰা আহি গুৱাহাটীৰ হোটেলখনত আশ্ৰয় লৈছিল এই দুই অভিযুক্তই। অৰুণাচলত এন এছ চি এন (খাপলাং)ৰ তত্ত্বাৱধানত চলা বৃহৎ কানি খেতিৰ কথা সৰ্বজনবিদিত। অৰুণাচলৰ চোৰাং কাঠেৰে তিনিচুকীয়াত ব্যৱসায় কৰি তথা বিধায়ক বলীন চেতিয়াৰ আশীৰ্বাদত অখণ্ড প্ৰতাপী হৈ পৰা এই দুই অভিযুক্তই অৰুণাচলৰ পৰাই জব্দ কৰা কানিখিনি সংগ্ৰহ কৰা বুলি জনা গৈছে। অৱশ্যে অভিযুক্ত দুজনে বৃহৎ পৰিমাণৰ কানি গুৱাহাটীত কাক বিক্ৰী কৰিবলৈ আহিছিল সেয়া জানিব পৰা হোৱা নাই। মহানগৰ আৰক্ষীৰ বিষয়াই অভিযুক্ত দুজনৰ পৰা এই সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে। ইফালে কানি সৰবৰাহৰ অপৰাধত তিনিচুকীয়াৰ কুখ্যাত চোৰাং কাঠ মাফিয়া দুটাক গ্ৰেপ্তাৰ কৰাক লৈ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনে এই অভিযুক্ত দুজনৰ ক'লা সাম্ৰাজ্য উৎখাত কৰাৰ বাবে দাবী তুলিছে।
তিনিচুকীয়াৰ প্ৰতিদিন বিশেষ সেৱাঃ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ বহু বিতৰ্কিত বিধায়ক বলীন চেতিয়াৰ আশীৰ্বাদত চোৰাং কাঠৰ ব্যৱসায়েৰে সম্পত্তিৰ পাহাৰ গঢ়া ধলা নিবাসী কুখ্যাত মাফিয়া পংকজ আগৰৱালা ওৰফে বুলু আগৰৱালা আৰু ৰাজু মেধিক বৃহৎ পৰিমাণৰ কানিসহ গুৱাহাটীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিষয়টোৱে জিলাখনত ব্যাপক চৰ্চা লাভ কৰিছে। চোৰাং কাঠৰ উপৰি এই দুগৰাকী কুখ্যাত মাফিয়াই কানিৰ দৰে মাৰাত্মক ড্ৰাগছৰ বেহাত নামি পৰা বিষয়টোক লৈ জিলাখনৰ বিভিন্ন দল-সংগঠন উদ্বিগ্ন হৈ পৰিছে। অৰুণাচল চোৰাং কাঠৰ ব্যৱসায় চলোৱা মাফিয়া দুজনে চুবুৰীয়া ৰাজ্যখনলৈ সঘনাই অহা-যোৱা কৰাৰ সুবাদত মাৰাত্মক কানিৰ ব্যৱসায়ত লিপ্ত হোৱা বুলিও ৰাইজৰ মাজত আলোচনা হৈছে। অৰুণাচল প্ৰদেশৰ নামচাই আৰু লোহিত জিলাৰ পৰা অভিযুক্ত দুজনে কানি, ড্ৰাগছ বহিঃৰাজ্যলৈ চালান দিয়ে বুলিও অভিযোগ উঠিছে। উল্লেখযোগ্য যে টেক্সিচালক হিচাপে পূৰ্বতে জীৱন নিৰ্বাহ কৰা ৰাজু মেধি নামৰ অভিযুক্তজন বিধায়ক বলীন চেতিয়াৰ সংস্পৰ্শলৈ অহাৰ পিচতে অবৈধ ব্যৱসায়েৰে বৃহৎ সম্পত্তিৰ অধিকাৰী হৈছে। কুখ্যাত ৰাজু মেধিয়ে খয়ৰ কাঠৰ লগতে বিভিন্ন প্ৰকাৰৰ কাঠৰ চোৰাং ব্যৱসায়ত চামিল হৈছে। দৈনিক তিনি-চাৰিখনকৈ চোৰাং কাঠৰ ট্ৰাক চালান দিয়া ৰাজু মেধিয়ে ধলাত অবৈধ কাঠৰ গুদাম চলাই আছে। বিধায়ক বলীন চেতিয়াৰ আন এগৰাকী ঘনিষ্ঠ মাফিয়া পংকজ আগৰৱালায়ো ৰাজনৈতিক ক্ষমতাৰে ধলাত অবৈধ কাঠৰ গুদাম খুলি চৰম অৰাজকতা চলাইছে। এন এছ চি এন, আৰক্ষী, বন বিভাগ তথা সংশ্লিষ্ট সকলো পক্ষক মেনেজ কৰি চোৰাং কাঠৰ ব্যৱসায় কৰা মাফিয়া ৰাজু মেধিয়ে ইতিপূৰ্বে 'প্ৰতিদিন টাইম'ৰ তিনিচুকীয়াৰ সাংবাদিকক পিষ্টল দেখুৱাই ভাবুকি দিছিল। ৰাজু মেধি, পংকজ আগৰৱালাৰ লগতে প্ৰদীপ মোডী নামৰ চোৰাং কাঠ মাফিয়াজনেও জিলাখনত বনজ সম্পদৰ অবৈধ ব্যৱসায় অব্যাহত ৰাখিছে। চোৰাং কাঠৰ ব্যৱসায়েৰে কোটিপতি হোৱা অভিযুক্ত দুজনে অধিক ধন ঘটাৰ বাবে এতিয়া নিষিদ্ধ কানিৰ ব্যৱসায়ত জঁপিয়াই পৰা বুলি বিভিন্ন দল-সংগঠনে অভিযোগ কৰিছে। তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনয় ডুবে, পৰিবেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱা, অসম সংগ্ৰামী ঐক্যমঞ্চৰ কেন্দ্ৰীয় সম্পাদক মিণ্টু চেতিয়াই চোৰাং কাঠৰ সমান্তৰালভাৱে কানিৰ বেহা চলোৱা কুখ্যাত মাফিয়া দুগৰাকীয়ে যাতে ৰাজনৈতিক হস্তক্ষেপত আৰক্ষীৰ হাতৰ পৰা সাৰি যাব নোৱাৰে তাৰবাবে আৰক্ষী প্ৰশাসনক সকীয়াই দিছে।
তালাপৰ প্ৰতিদিন সেৱাঃ বহু বিতৰ্কিত চোৰাং কাঠ মাফিয়া ৰাজু মেধি আৰু পংকজ আগৰৱালাক নিষিদ্ধ কানিসহ গুৱাহাটীত অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ অভিযুক্ত দুজনৰ বাসভূমি ছৈখোৱাত ৰাইজৰ মাজত বেছ চৰ্চা চলিছে। ডঙ্ম ভূপেন হাজৰিকা সেতু গঢ়ি উঠাৰ পিচৰে পৰা তালাপ-ছৈখোৱা অঞ্চলৰ একাংশ যুৱক মাৰাত্মক কানি, ড্ৰাগছৰ কবলত পৰি অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে। অৰুণাচললৈ সঘনাই অহা-যোৱা কৰা ৰাজু মেধি আৰু বুলু আগৰৱালাই অঞ্চলটোত শেহতীয়াকৈ কানিৰ ব্যৱসায় চলোৱা বুলি ৰাইজে কৰি অহা সন্দেহ এতিয়া সত্য বুলি প্ৰমাণিত হৈছে। কাৰণ ৰাইজৰ সন্দেহৰ আৱৰ্তত থকা অভিযুক্ত দুজন কানিসহ গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে। আছুৰ ছৈখোৱা আঞ্চলিক সমিতি, ছৈখোৱা আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাই অভিযুক্ত দুজনক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।