আয়কৰৰ জালত অধিবক্তা বিনোদ বেৰিয়া

আয়কৰৰ জালত অধিবক্তা বিনোদ বেৰিয়া

author-image
asomiyapratidin
New Update
শুৱালকুছিত হিতাধিকাৰী নিৰ্বাচনৰ সজাগতা সভা

প্ৰতিদিন সংবাদ, যোৰহাট, ৮ জুনঃ যোৰহাটৰ অধিবক্তা বিনোদ বেৰিয়াৰ বাসগৃহত গুৱাহাটীৰ পৰা অহা আয়কৰ বিভাগৰ এটা দলে আজি দিনৰ এঘাৰ বজাৰ পৰা নিশা ৮.৩০ বজালৈকে তালাচী অভিযান চলোৱা ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মাটি-বাৰীৰ ক্ৰয়-বিক্ৰয়ৰ জালিয়াতিকে ধৰি আইনজীৱী হোৱাৰ সুবাদত বিভিন্ন বিতৰ্কিত কাম-কাজত লিপ্ত বুলি অভিযোগ থকা অধিবক্তাগৰাকীৰ জে পি আৰ ৰোডস্থিত বাসগৃহত আয়কৰ বিভাগৰ বৃহৎ দলে সুদীৰ্ঘ ৯ ঘণ্টাৰো অধিক কাল তালাচী চলোৱাৰ লগতে পৰিয়ালৰ লোককো বিভিন্ন বিষয়ত সোধা-পোছা কৰা বুলি জানিব পৰা গৈছে। ইফালে পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে যোৱা তিনি দিন ধৰি অধিবক্তাগৰাকী ঘৰৰ বাহিৰত আছে আৰু আজি তেওঁ উভতি অহাৰ কথা আছিল বাবেই আয়কৰ বিভাগৰ দলটোৱে তেওঁক লগ পাবৰ বাবে নিশাপৰ্যন্ত অপেক্ষা কৰে। অৱশেষত নিশা প্ৰায় ৮.৩০ বজাত অধিবক্তাগৰাকী বাসগৃহত উপস্থিত হোৱাত আয়কৰ দলটোৱে তেওঁক আটক কৰে। ইয়াৰ পিচতে বেৰিয়াক লৈ আয়কৰ দলটো গুৱাহাটীলৈ ৰাওনা হয়। বেৰিয়াৰ পত্নীয়ে সাংবাদিকক দিয়া এই ভাষ্যৰ বিপৰীতে অভিযানকাৰী দলটোৱে কোনো তথ্য সদৰী কৰা নাই। কিন্তু উভতি যোৱাৰ সময়ত আয়কৰ বিভাগৰ দলটোৱে বহু নথি-পত্ৰ জব্দ কৰি নিয়া বুলি জানিব পৰা গৈছে। আন এক সূত্ৰৰ খবৰমতে অধিবক্তাগৰাকীৰ বিৰুদ্ধে আয়কৰ কাৰ্যালয়ত পূৰ্বেও গোচৰ ৰুজু হৈছিল আৰু এই সন্দৰ্ভত তদন্তও চলি আছে। মাটি-বাৰী সংক্ৰান্তীয় গোচৰৰ মাধ্যমত বৃহৎ আয় আহৰণ কৰা অধিবক্তাগৰাকীৰ অন্তৰ্ধানৰ বিপৰীতে তেওঁৰ বাসভৱনত আয়কৰ বিভাগৰ দীঘলীয়া এই অভিযানৰ আঁৰত বৃহৎ কেলেংকাৰীৰ বিষয় জড়িত হৈ থকা বুলিও সকলোৱে সন্দেহ কৰিছে। একেদৰে অধিবক্তাগৰাকীয়ে আয়বহিৰ্ভূতভাৱে বহু পৰিমাণৰ মাটি ক্ৰয় কৰি থোৱাৰ তথ্যও আয়কৰ বিভাগে লাভ কৰিছিল।