মণিপুৰৰ য়ুমখাম ইৰাবট সিঙৰ বিজেপিৰ বিধায়ক হিচাবে শপত গ্ৰহণ…

মণিপুৰৰ য়ুমখাম ইৰাবট সিঙৰ বিজেপিৰ বিধায়ক হিচাবে শপত গ্ৰহণ…

author-image
asomiyapratidin
New Update
মণিপুৰৰ য়ুমখাম ইৰাবট সিঙৰ বিজেপিৰ বিধায়ক হিচাবে শপত গ্ৰহণ…

ডিজিটেল সংবাদ , ৱাখা : ২০১৭ চনৰ মণিপুৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱা বিজেপি প্ৰাৰ্থী য়ুমখাম ইৰাবট সিঙে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত বুধবাৰে ৱাংখেই সমষ্টিৰ বিধায়ক হিচাবে শপত গ্ৰহণ কৰে। বুধবাৰে ইম্ফলৰ কনফাৰেন্স হলত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ উপস্থিতত য়ুমখাম ইৰাবট সিঙে বিজেপিৰ বিধায়ক হিচাপে শপত বাক্য পাঠ কৰাই মণিপুৰ বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেৰচন্দ্ৰই ।

উল্লেখ্য যে য়ুমখাম ইৰাবট সিঙ ২০১৭ চনৰ বিধানসভাৰ ১৫ ন‌ ৱাংখেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও কংগ্ৰেছৰ অকৰাম হেনৰী সিঙৰ হাতত ৪৩৩৬ টা ভোটত পৰাজিত হৈছিল । কিন্তু অকৰাম হেনৰী সিঙৰ এই জয়ক প্ৰত্যাহ্বান জনাই নিৰ্বাচনী মনোনয়ন পত্ৰ ভুল তথ্য দাখিল কৰা বুলি মণিপুৰ উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছিল ।

চাৰি বছৰৰ ধৰি চলা বিচাৰৰ অন্তত যোৱা ১৫ এপ্ৰিলত ন্যায়ধীশ এম ভি মুৰুলীধৰণৰ এজনীয়া বিচাৰ পীঠে এক গুৰুত্বপূৰ্ণ ৰায়দানৰ জৰিয়তে অকৰাম হেনৰী সিঙৰ বিধায়ক পদ বাতিল কৰি বিজেপিৰ য়ুমখাম ইৰাবট সিঙক বিধায়ক ঘোষণা কৰে ।