/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/mizoram-sana.jpg)
ডিজিটেল ডেস্কঃ জিঅ'না চানা আৰু নাই। ৭৬বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বিশ্বৰ আটাইতকৈ বৃহৎ পৰিয়ালটোৰ মুৰব্বীগৰাকীয়ে। মিজোৰামৰ ছেৰচিট জিলাৰ বাকটাং নামৰ গাঁওখনত সপৰিয়ালে বাস কৰিছিল চানাই। তেওঁৰ পৰিয়ালৰ সদস্যৰ সংখ্যা আছিল ১৮১গৰাকী। বিশ্বৰ বৃহৎ পৰিয়াল ৰূপে অভিলেখ গঢ়া চানাৰ মৃত্যুৰ খবৰ সদৰী কৰিছে মিজোৰাম মুখ্যমন্ত্ৰীয়ে।
পঢ়িবলৈ ক্লিক কৰকঃঋতুস্ৰাৱৰ সময়ত লবলগীয়া স্বচ্চতা, চেনিটেৰী নেপকিনৰ ব্যৱহাৰ সন্দৰ্ভত বটদ্ৰৱাত সজাগতা সভা
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/86a3ff97-cc44-47a6-a32a-ca26ab47511b-1024x1024.jpg)
এটাই টুইটত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- মিজোৰামৰ এই গাঁওখন বিশ্বৰ পৰ্যটকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। এই আদৰ্শ পৰিয়ালটোক চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহিছিল। ১৯৪৫চনৰ ২১ জুলাইত জন্মগ্ৰহণ কৰা চানাৰ আছিল ৩৯গৰাকী পত্নী, ৯৪গৰাকী পুত্ৰ, ৯৪ গৰাকী বোৱাৰী, ৩৩গৰাকী নাতি-নাতিনী।শেহতীয়াকৈ তেওঁ আজুনাতিৰো মুখ দেখিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/0cb3f420-8ed1-4424-9b8f-f41a0bf9fac5-1024x1024.jpg)
১৭ বছৰ বয়সতে প্ৰথম বিবাহপাশত আৱদ্ধ হোৱা চানাই তেওঁৰ ঘৰটোৰ নাম ৰাখিছিল শ্বাহৱানথৰান। যাৰ অৰ্থ হ'ল নতুন প্ৰজন্মৰ আবাসস্থল। মিজোৰামৰ ৰাজধানীৰ পৰা ১০০ কিলোমিটাৰ দূৰৈত অৱস্থিত গাঁওখনত চানাই তেওঁৰ পৰিয়ালৰ বাবে এটা চাৰিমহলীয়া ঘৰ বনাব লগা হৈছিল। য'ত আছে ১০০টাতকৈ অধিক কোঠা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/83b46d64-c082-484b-b846-8b9bf7ac5828-1024x1024.jpg)
পৰিয়ালৰ মুৰব্বী হিচাপে পৰিয়ালটোক একত্ৰিত কৰি ৰখাত চানাৰ আছিল বিশেষ ভূমিকা। তেওঁ জীয়াই থকা পৰ্যন্ত পৰিয়ালটোক একত্ৰিত কৰি ৰাখিছিল। বিশ্বৰ এই বৃহৎ পৰিয়ালটোৰ বিষয়ে বিভিন্ন কাকত-আলোচনীত খবৰ প্ৰকাশ পাইছিল। যি সময়ত সৰু পৰিয়াল সুখৰ পৰিয়াল নীতিৰে আমাৰ পৰিয়ালবোৰ সংকোচিত হৈ আহিছে, সেই সময়ত মিজোৰামৰ এই পৰিয়ালটো আছিল ব্যতিক্ৰম আৰু আন এক আদৰ্শবান পৰিয়াল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/dd4f632f-6dde-40db-ad87-c8344540ea50-1024x1024.jpg)
এই যৌথ পৰিয়ালটোত বাস কৰা প্ৰতিজন লোকেই চানাৰ নিৰ্দেশ পালন কৰিছিল। ১৮২জনীয়া এই পৰিয়ালটোৰ পৰিচালনা কৰিবলৈ চানাই যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। পৰিয়ালটোত প্ৰতিদিনেই ৪৫ কেজি চাউল, ২৫ কেজি দাইল, ৬০ কেজি শাক-পাচলি আৰু ২০ কেজি ফল-মূুলৰ প্ৰয়োজন হৈছিল। কোনো এটাৰ মাজত মাংস খাম বুলি ভাবিলে পৰিয়ালটোৰ সকলো সদস্যৰ বাবে ৩০-৪০টা মুৰ্গী আনিব লগা হৈছিল। তেওঁৰ জ্যেষ্ঠ পুত্ৰ বয়স ৫২ বছৰ। তেওঁৰ নাম পাৰ্লিয়ানা। পুত্ৰই জানিবলৈ দিয়া মতে, পিতৃয়ে দৰিদ্ৰ আৰু অনাথ মহিলাসকলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ তেওঁলোকক নতুন জীৱন দিয়াৰ চেষ্টা কৰিছিল। এই পৰিয়ালটোৱে বিশ্বৰ অভিলেখো গঢ়িছিল।