/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/WINE-SHOP-OPENED-BY-MEGHALAYA-GOVT-AFTER-COVID-19.jpg)
ডিজিটেল ডেস্কঃ সুৰাপায়ীসকলৰ বাবে আছে ভাল খবৰ। এতিয়াৰে পৰা আপুনি ক্ৰয় কৰিব পাৰিব সুৰা। ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ খোলা থাকিব সুৰা বিপণীসমূহ। পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ বিক্ৰী হ'ব সুৰা। যিসকল লোকে সুৰা ক্ৰয় কৰিবলৈ যাব তেওঁলোকে সামাজিক দুৰত্ব মানি চলিব লাগিব।
পৰিয়ালৰ এজন লোকেহে সুৰা ক্ৰয় কৰিবলৈ যাব পাৰিব। সুৰাৰা বিপণীৰ সন্মুখত ভিৰ কৰিব নোৱাৰিব কোনো লোকে। যদিহে সুৰাৰা বিপণীৰ সন্মুখত ভিৰ হয় তেতিয়া সেই সুৰাৰ বিপণীখনৰ গৰাকীয়ে আন বিপণী দেখুৱাই দিব লাগিব। লগতে যি স্থানত দোকান নাই সেই স্থানত অনলাইন ব্যৱস্থাৰেৰেও বিক্ৰী কৰা হ'ব সুৰা। ইয়াৰ বাবে জিলা উপায়ুক্তৰ পৰা ল'ব লাগিব অনুমতি।
১১ খন জিলাৰ উপায়ুক্তসকললৈ আবকাৰী আয়ুক্তই ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে। নিৰ্দেশনাত লিখা হৈছে সুৰাৰ বিপণীৰ গৰাকীয়ে প্ৰতিগৰাকী গ্ৰাহকৰ মাজৰ ব্যৱৰ্ধান এক মিটাৰ ৰাখিব লাগিব। বটলসমূহ চোৱাৰ পূৰ্বে গ্ৰাহক আৰু বিক্ৰেতাই ছেনিটাইজ কৰিব লাগিব হাত। অৱশ্যে অসমত নহয়, মেঘালয় চৰকাৰেহে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। কোভিড-১৯ৰ ত্ৰাসৰ বাবে ৰাজ্যখনত বন্ধ কৰি ৰখা সুৰাৰ বিপণী খোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে।