/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/yarlungtsangpo_lrg.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ চিয়াঙত অস্বাভাৱিক হাৰত যোৱা নিশাৰে পৰা জলস্তৰ হ্ৰাস পাইছে। নিশা ৯ বজাত ৪০৬ মিটাৰৰ জলস্তৰ ১১ বজালৈ ৪০৪ মিটাৰ অৰ্থাৎ ২ মিটাৰলৈ হ্ৰাস পায়। ইয়াৰ ফলত অৰুণাচল প্ৰদেশৰ চিয়াঙৰ নামনি ভাগৰ টুটিঙৰ জলস্তৰতো প্ৰভাৱ পৰে।
ইফালে কালি চীন চৰকাৰে ভাৰত চৰকাৰক অৱগত কৰে যে, কিছুদিন পূৰ্বে হোৱাৰ দৰেই সোমবাৰেও দিনৰ ১১ বজাত চাংপো নৈৰ দুয়োপাৰৰ পাহাৰত প্ৰবল ভূমিস্খলন হোৱাৰ ফলত নামনি ভাগত নৈখনৰ জলস্তৰ দ্ৰুতহাৰত হ্ৰাস পাব পাৰে। সেই মৰ্মে ভাৰত চৰকাৰে বিষয়টো অৰুণাচল চৰকাৰক কালিয়েই অৱগত কৰে আৰু নিশা ৯ বজাৰ পৰা এনে প্ৰভাৱ অৰুণাচলৰ লগতে অসমৰ সীমান্তৱৰ্তী এলেকাতো পৰিলক্ষিত হয়।
ওপৰে ওপৰে চালে এয়া স্বাভাৱিক পৰিঘটনা যেন লাগিলেও চাংপো নদীক কেন্দ্ৰ কৰি যোৱা প্ৰায় ৩ মাহ অসম-অৰুণাচলৰ ৰাইজে আতংক আৰু অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। প্ৰণিধানযোগ্য যে, দুমাহ পূৰ্বে চিয়াঙৰ পানী প্ৰথম অৱস্থাত ঘোলা হৈ পৰাৰ লগতে চিমেণ্ট মিহলি পানীৰ দৰে ইয়াৰ দাঁতিকাষৰত আলতীয়া তৰপৰ সৃষ্টি হৈ মানুহক শংকিত কৰি তুলিছিল।
তাৰ কেইদনিমানৰ পিছতে, চিয়াঙৰ হঠাৎ সাগৰ সদৃশ ঢৌৰ সৃষ্টি হোৱাৰ লগতে জলস্তৰ দ্ৰুতহাৰত বৃদ্ধি পাইছিল। ইয়াৰ প্ৰভাৱ অসমৰ চিমেন নৈতো দেখা গৈছিল। প্ৰথম অৱস্থাত চীন চৰকাৰ এই বিষয়ে নিমাতে আছিল যদিও অৰুণাচলত বহু গাঁও স্থানান্তৰ কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে দিয়া হেঁচাৰ বাবে অৱশেষত এই সম্পৰ্কীয় তথ্যৰ আদান-প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈ পৰে চুবুৰীয়া চীন।
সেয়ে হ'লেও কিছুদিন পূৰ্বে চিয়াঙত উটি অহা কিছুমান ৰহস্যজনক ড্ৰামক লৈ সৃষ্টি হোৱা আতংক সন্দৰ্ভত নিমাতে থকা ৰাষ্ট্ৰখনে পিছত জনাই যে দৰাচলতে উপৰিভাগত ভূমিস্খলনৰ ফলত জমা হোৱা পানীয়ে বিভিন্ন ঠাইৰ পৰা উটুৱাই অনা ড্ৰামবোৰহে তেনেদৰে চিয়াঙলৈ উটি গৈছে। যি কি নহওক, উক্ত ভূমিস্খলনত আৱদ্ধ পানী লাহে লাহে তললৈ নামি অহাৰ পিছত যোৱা ১৫ দিনত পৰিস্থিতি পুনৰ স্বাভাৱিক হৈ পৰিছিল যদিও কালি নিশাৰ পৰা পুনৰ দ্ৰুত হাৰত জলস্তৰ হ্ৰাস পোৱা ঘটনাই আন এক দুৰ্যোগৰ ইংগিত বহন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/82f1a5e3-b816-4623-8ab4-7e3dae6b5425-300x190.jpg)
এইক্ষেত্ৰত চীনে সাধাৰণভাৱে চাংপো নৈৰ দাঁতিৰ পাহাৰ খহি পৰাৰ ফলতে এনে হোৱা বুলি ভাৰত চৰকাৰক অৱগত কৰিলেও এমাহৰ ভিতৰতে দুবাৰকৈ এনে পৰিস্থিতি সৃষ্টি হোৱাৰ আঁৰত যে চাংপোকে ধৰি তিব্বত অঞ্চলত পাহাৰত সুৰংগ খন্দাৰ দৰে চীনে কোনো কাৰ্য সংঘটিত কৰিছে সেই সন্দৰ্ভতো সকলোৰে মাজতে সন্দেহ আৰু শংকাৰ সৃষ্টি হৈছে।
পৰিৱেশবিদসকলৰ মতে, সঘনাই ঘটি থকা এনে ঘটনা সাধাৰণ প্ৰাকৃতিক পৰিঘটনা বুলি মানি ল'বলৈ টান। কেৱল সেয়ে নহয়, চাংপো, চিয়াঙৰ জলস্তৰ এনেদৰে দ্ৰুতহাৰত হ্ৰাস পোৱাত হঠাতে যদি ভূমিস্খলনৰ ফলত আৱদ্ধ হোৱা পানী তললৈ নামি আহিবলগীয়া হয় তেনেহ'লে অৰুণাচল আৰু অসমত প্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকাও নথকা নহয়।