আৰম্ভ হ’ল লোকসভা নিৰ্বাচন, ২০১৯ৰ ভোটগ্ৰহণ

আৰম্ভ হ’ল লোকসভা নিৰ্বাচন, ২০১৯ৰ ভোটগ্ৰহণ

author-image
asomiyapratidin
New Update
আৰম্ভ হ’ল লোকসভা নিৰ্বাচন, ২০১৯ৰ ভোটগ্ৰহণ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব বুলি সকলোৱে জানে। কিন্তু ৫ এপ্ৰিলতে আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। উত্তৰ-পূবৰে অৰুণাচলৰ লোহিতপুৰত শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। দিল্লীৰ পৰা ২৬০০ কিলোমিটাৰ দূৰৈৰ অৰুণাচলৰ লোহিতপুৰৰ এখন বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত দেশৰ প্ৰথম ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত হৈ যায়।

এই ভোটগ্ৰহণ কেন্দ্ৰটোত প্ৰথমটো ভোট প্ৰদান কৰে আই টি বি পিৰ ডি আই জি সুধাকৰ নতৰাজনে। উল্লেখযোগ্য যে, সেনা বাহিনীত কৰ্মৰত লোকসকলৰ বাবে আয়োগে গোপনীয় পোষ্টেল বেলটৰ ব্যৱস্থা কৰে। সেই পোষ্টেল বেলটৰ জৰিয়তে অৰুণাচলত থকা আই টি বি পিৰ এক ইউনিটৰ জোৱান আৰু বিষয়া সকলে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দেশৰ মুঠ ৩০ লাখ লোকে গোপনীয় পোষ্টেল বেলটৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰে। সেনা বাহিনীত কৰ্মৰত লোকসকলে ৰাজ্যৰ বাহিৰত কৰ্মৰত অৱস্থাত থকা সময়ত যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ বাবেই এই ব্যৱস্থা আয়োগে গ্ৰহণ কৰি আহিছে।