/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/pran-basil.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নবী মুম্বাইত ভৰ বাৰিষাৰ এখন নৈত বাহনসহ বাগৰি পৰা এটা পৰিয়ালৰ জীৱন কথমপি ৰক্ষা পৰে। ইফালে নৈৰ বুকুত ডুব যোৱা বাহন খনৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ বাহিনী আৰু প্ৰশাসনে।
জানিব পৰা মতে, সোমবাৰে আশ্ৰফ খলিল শ্বেইখ নামৰ লোকজনে পত্নী, কন্যা আৰু ভাগিনৰ সৈতে এখন বাহনেৰে ভাভানজী গাঁৱৰ পৰা তালোজালৈ গৈ থকা অৱস্থাত ঘোট গাঁৱৰ এখন দলঙত দুৰ্ঘটনাত পতিত হয়। দলংখন পাৰ হ'ব লোৱাৰ সময়তে ৰেলিং ভাঙি বাহনসহ পৰিয়ালটো নৈত পৰে।
গাড়ীসহ নৈত ডুবিবলৈ আৰম্ভ কৰা আশ্ৰফ খলিল শ্বেইখ, পত্নী হামিদা (৩৩), কন্যা চুহানা (৭) আৰু ভাগিন নমীৰা ৰাউতল্লাহ শ্বেইখ (১৭)ক স্থানীয় লোকে প্ৰত্যক্ষ কৰি ৰচীৰ সহায়ত কোনোমতে পাৰলৈ তুলিবলৈ সক্ষম হয় যদিও বাহনখন সম্পূৰ্ণৰূপে পানীৰ তলত সোমাই পৰে।
ইয়াৰ পিছতে বাহনখনৰ সন্ধান বিচাৰি এছডিআৰএফ বাহিনীয়ে নৈৰ বুকুত অভিযান আৰম্ভ কৰে। এই অভিযান বৃহস্পতিবাৰেও অব্যাহত ৰাখিছে উদ্ধাৰকাৰী বাহিনীয়ে।