মণিপুৰ দেশৰ ক্ৰীড়া পাৱাৰ হাউচ; অলিম্পিয়ানৰ ৰাজ্যখনক লৈ জাতি গৌৰৱাম্বিতঃ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

মণিপুৰ দেশৰ ক্ৰীড়া পাৱাৰ হাউচ; অলিম্পিয়ানৰ ৰাজ্যখনক লৈ জাতি গৌৰৱাম্বিতঃ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

author-image
asomiyapratidin
New Update
মণিপুৰ দেশৰ ক্ৰীড়া পাৱাৰ হাউচ; অলিম্পিয়ানৰ ৰাজ্যখনক লৈ জাতি গৌৰৱাম্বিতঃ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

ডিজিটেল সংবাদ ৱাখাঃ দেশৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ দুদিনীয়া ভ্ৰমণ সূচীৰ মণিপুৰ ভ্ৰমণ বুধবাৰে সামৰণি পৰে । মঙ্গলবাৰে দুপৰীয়া শ্বিলঙ ভ্ৰমণ সামৰি বিশেষ বিমানেৰ পোনে পোনে মণিপুৰৰ ইম্ফলৰ বীৰ টিকেন্দ্ৰজিত বিমানবন্দৰত উপস্থিত হোৱা উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুক মণিপুৰৰ মুখ্যমন্ত্ৰী এম বীৰেণ সিঙ আৰু ৰাজ্যপাল লা গণেশনে উষ্ণ আদৰণি জনায় ।

Advertisment

ইয়াৰ পিছতে উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাজ্যপালৰ ৰাজভৱনত আয়োজন কৰা ট'কিঅ অলিম্পিকত পদক বিজেতা ক্ৰীড়াবিদসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত ভাগ লয় । অলিম্পিয়ানসকলৰ সৈতে হোৱা আলাপত উপৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে মণিপুৰ হৈছে ভাৰতৰ ক্ৰীড়াৰ পাৱাৰ হাউচ । উত্তৰ পূৰ্বাঞ্চলৰ এই সৰু ৰাজ্যখনে ক্ৰীড়াৰ জৰিয়তে সমগ্ৰ ভাৰতীয় জাতিটোক গৌৰাম্বিত কৰিছে । অলিম্পিয়ানৰ ৰাজ্য মণিপুৰকলৈ জাতিটো গৰ্বিত।

ভাৰত পতাকাখন উচ্চ কৰি ৰখাত মণিপুৰৰ ক্ৰীড়াবিদসকল প্ৰসংশা কৰি উপৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয় আপোনালোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ ক্ৰীড়া অনুৰাগী বাবে প্ৰেৰণাৰ উৎস । সেয়ে মই যেতিয়াই উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰো তেতিয়াই মই শৰীৰত উজীৱিত আৰু সতেজবোধ কৰো । তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যই উজ্জ্বল মুকতা বুলি অভিহিত কৰে । উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু মানুহৰ নিৰ্মলতাৰ উষ্ণ সম্পৰ্কৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে ।

উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে মণিপুৰৰ এই ক্ৰীড়া শিল্পক আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰক আন্তগাঁথনি আৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায় । এই অনুষ্ঠানতে ভাৰতীয় বক্সিঙৰ কিংবদন্তি এম চি মেৰীকমে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক এযোৰ বক্সিঙ গ্লভছ উপহাৰ দিয়ে । দুদিনীয়া ভ্ৰমণৰ এই সময়ছোৱাত বৃহস্পতিবাৰে উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে জৈৱ সম্পদ গৱেষণা আৰু বিকাশ সংস্থাৰ বহনক্ষম উন্নয়ন ফাইটো ফাৰ্মাচিউটিকেলৰ এটা হাৰ্বেল ঔষধ গৱেষণা কেন্দ্ৰ উদ্বোধন কৰে ।

উদ্বোধনী ভাষণত এম ভেংকায়া নাইডুৱে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ অবিহনে ভাৰতৰ বিকাশ আধাৰুৱা । উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ বাবে টিম ইণ্ডিয়ানই সচাঁ অন্তৰৰে আগবঢ়াই নিবলৈ আগ্ৰহী । বৰ্তমান দেশৰ আয়ুস ঔষধ উৎপাদন সময়ৰ আহবান । মণিপুৰত নিৰ্মাণ কৰা এই জৈৱ সম্পদ গৱেষণা কেন্দ্ৰটোৱে ষ্টাটআপ ইণ্ডিয়া আগবাঢ়ি যোৱাত উদগনি যোগাব । উল্লেখযোগ্য উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মণিপুৰ ভ্ৰমণৰ সামৰি শুক্ৰবাৰে নাগালেণ্ডত উপস্থিত হব ।