প্ৰথমবাৰৰ বাবে বৈষ্ণু দেৱীলৈ ৰাওনা নাগালেণ্ডৰ তীৰ্থযাত্ৰীৰ দল

প্ৰথমবাৰৰ বাবে বৈষ্ণু দেৱীলৈ ৰাওনা নাগালেণ্ডৰ তীৰ্থযাত্ৰীৰ দল

author-image
asomiyapratidin
New Update
প্ৰথমবাৰৰ বাবে বৈষ্ণু দেৱীলৈ ৰাওনা নাগালেণ্ডৰ তীৰ্থযাত্ৰীৰ দল

ডিজিটেল সংবাদ, ডিমাপুৰঃ বৈষ্ণু দেৱীৰ মন্দিৰ দৰ্শনাৰ্থে নাগালেণ্ডৰ পৰা জম্মু অভিমুখে ৰাওনা হৈছে অতি কমেও ৯০জনীয়া এটা তীৰ্থযাত্ৰীৰ দলে। কৌশিক ডে অব ভয়েজেছ ট্ৰেভেলৰ বিশেষ উদ্যোগত এইদৰে ৰাজ্যখনৰ পৰা তীৰ্থভ্ৰমণলৈ ওলাইছে এই দলটো।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে পাহাৰীয়া ৰাজ্যখনৰ ভিন্ন স্থানৰ ৯০জনৰো অধিক হিন্দু ধৰ্মাৱলম্বী লোক একগোট হৈ এনেদৰে তীৰ্থভ্ৰমণলৈ গৈছে।

ভয়েজ ট্ৰেভেলে আয়োজন কৰা এই তীৰ্থযাত্ৰাক লৈ উৎসাহী হৈ পৰিছে ৰাজ্যখনৰ তীৰ্থযাত্ৰীসকল। অনাগত সময়ত ৰাজ্যখনৰ পৰা একাধিক হিন্দু ধৰ্মাৱলম্বী লোকে এনেদৰে তীৰ্থ ভ্ৰমণলৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলিও জানিবলৈ দিছে ভয়েজ ট্ৰেভেলৰ পৰিচালন সঞ্চালকে।