/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/koron.jpg)
ডিজিটেল সংবাদ ৱাখাঃ ম্যানমাৰৰ ৰাখাইন আৰু শ্বিন প্ৰদেশত অব্যাহত থকা যুদ্ধ আৰু মানাৱাধিকাৰ উলংঘনৰ সন্দৰ্ভত সবিশেষ তথ্য বিচাৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মানাৱাধিকাৰ পৰিষদৰ বিশেষদূত য়াংগি লীয়ে কৰা ফোনকলৰ প্ৰতি কোনো সঁহাৰি নিদিয়াত সম্প্ৰতি ম্যানমাৰ চৰকাৰৰ বিৰুদ্ধে যুদ্ধাপৰাধ হিচাপে গণ্য কৰা সকীয়নি প্ৰদান কৰিছে ।
বুধবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মানৱাধিকাৰৰ প্ৰতিনিধি গৰাকীয়ে কয়- ৰাষ্ট্ৰসংঘই কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বজুৰি গ্লবেল চিজফায়াৰ ঘোষণা কৰিবলৈ আহবান জনোৱাৰ পিছতো ম্যানমাৰ সেনা টাদমাদাওৱে গুৰুত্ব নিদি ৰাখাইন আৰু শ্বিন প্ৰদেশৰ সংঘৰ্ষ জৰ্জৰিত অঞ্চলত বসবাস কৰা নাগৰিকসকলক আক্ৰমণৰ লক্ষ্য তীব্ৰতৰ কৰি লোৱাত বহুতো শিশু আৰু মহিলা নিহত হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/428c4bbd-7c61-47b2-a315-3586f9aba5fd-1024x540.jpg)
এই আক্ৰমণত ম্যানমাৰ সেনাই বিমান আৰু গধুৰ অস্ত্ৰ ব্যৱহাৰ কৰিছে যিটো অতি উদেগজনক বিষয় । এয়া দেখ দেখ মানাৱাধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন । ইয়াৰ জৰিয়তে ম্যানমাৰ সেনাই মানাৱাধিকাৰ মৌলিক ব্যৱস্থাক উলংঘন কৰিছে । ম্যানমাৰ চৰকাৰৰ এয়া যুদ্ধাপৰাধ হিচাপে গণ্য কৰা হব পাৰে বুলি লীয়ে সকীয়াই দিয়ে ।
তেওঁ আৰু কয় য়ে ৰাখাইন আৰু শ্বিন প্ৰদেশৰ সংখালঘু জনাজাতীয় বিদ্ৰোহীসকলে ম্যানমাৰ ৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা মাত্ৰ স্বায়ত্ত শাসন বিচাৰিছে । য়াংগি লীয়ে ৰাখাইন আৰু শ্বিন প্ৰদেশত মানাৱাধিকাৰ বিৰুদ্ধে চলা যুদ্ধাপৰাধক শীঘ্ৰে তদন্ত ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকা পৰিষদক আহবান জনায় । উল্লেখযোগ্য যে বিগত ফেব্ৰুৱাৰী মাহৰ পৰাই অব্যাহত থকা আৰকান বিদ্ৰোহী আৰু ম্যানমাৰ সেনাৰ মাজৰ এই তয়াময়া ৰণত ইতিমধ্যে ১ লাখ ৫০ হাজাৰ লোক গৃহহীন হৈ অৰণ্যৰ আৰু গুহাত আশ্ৰয় লৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/bd9600c4-2e06-42ed-9d36-0fa3c9b07bf4.jpg)
ইফালে ম্যানমাৰ চৰকাৰে মানৱাধিকা উলংঘন কথা অস্বীকাৰ কৰি কৈছে যে বিদ্ৰোহীয়ে সেনাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ চৰকাৰী বিষয়া কৰ্মচাৰীক অপহৰণ কৰি পনবন্দী ৰখাৰ বাবে এনে ঘটনা সংঘটিত হৈছে । উল্লেখযোগ্য যে ৰাখাইন আৰু শ্বিন প্ৰদেশত বিগত চল্লিশটা দিনত ত্ৰিশজনতকৈ অসামৰিক লোক নিহত হোৱা বাতৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত বুধবাৰে মাৰ্কিন মানৱাধিকাৰ প্ৰতিনিধি য়াংগি লীয়ে সবিশেষ তথ্য জানিবলৈ ম্যানমাৰ চৰকাৰৰ মুখপাত্ৰলৈ দুবাৰকৈ টেলিফোন কৰিছিল ।
কিন্তু লীৰ টেলিফোন ৰিচিভ নকৰিলে ম্যানমাৰ চৰকাৰে । তেওঁ ম্যানমাৰ চৰকাৰে এনেদৰে মানাৱাধিকাৰ ভংগৰ বিষয়টো এৰাই চলিব বিচৰা কাৰ্যত ক্ষুব্ধ হৈ বিষয়টো আন্তঃৰাষ্ট্ৰীয় তদন্ত ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘক আহবান জনায় । স্মৰ্তব্য যে ২০১৭ চনতো ম্যানমাৰ সেনাই ৰাখাইন প্ৰদেশত ৰংহিগাৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাত ৭ লাখ লোকে বাংলাদেশলৈ পলায়ন কৰিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/866c3e6d-9e8e-4263-b928-d69ee319c818.jpg)
ইফালে আৰকান বিদ্ৰোহীসকলে এই বুলি কৈছে ৰাখাইনত ক'ভিড মহামাৰীৰ সংক্ৰমণ ঘটাত তেওঁলোকে সাময়িক ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰিছিল যদিও সেনাই বিমানেৰে গাঁৱসমূত বোমাৰ্ষণ কৰি জ্বলাই দিছে । উল্লেখযোগ্য যে ম্যানমাৰৰ কাছিন , শ্বান ৰাখাইন শ্বিন প্ৰদেশৰ জনগোষ্ঠী বিদ্ৰোহীসকলে ম্যানমাৰ ৰ কেন্দ্ৰ চৰকাৰৰ পৰা স্বায়ত্ততা বিচাৰি ২০১৮ যুদ্ধ অব্যাহত ৰাখিছে