/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/silchar-police-injure.jpg)
ডিজিটেল ডেস্কঃ এন আৰ চি সন্দৰ্ভত বুজ ল'বলৈ বৃহস্পতিবাৰে অসম ভ্ৰমণলৈ অহা তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে সংঘটিত কৰা কাৰ্য-কলাপে সকলোৰে চকু কপালত তুলিছে। প্ৰাপ্ত বাতৰি মতে, শিলচৰত উপস্থিত হোৱা ৭জনীয়া দলটোকে বিমান বন্দৰৰ ভিতৰতে সকলোকে সাক্ষাতৰ ব্যৱস্থা কৰি দিবলৈ যো-জা চলাইছিল প্ৰশাসনে।
কিন্তু প্ৰশাসনৰ এনে অনুৰোধ অগ্ৰাহ্য কৰি দলটো আক্ৰমণাত্মক হৈ পৰাত প্ৰশাসনে বিমান বন্দৰতে আৱদ্ধ কৰি ৰাখে। ইয়াৰ পিছতে দলটোৱে বিমান বন্দৰৰ ভিতৰতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
তৃণমূলৰ প্ৰতিনিধি দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰাতে ক্ষান্ত নাথাকি কৰ্তব্যৰত দুগৰাকী মহিলা কনিষ্টবলকো আক্ৰমণ কৰে। এই আক্ৰমণত মহিলা কনিষ্টবলদুগৰাকী যথেষ্ট পৰিমাণে আহত হোৱাৰ খবৰ পোৱা গৈছে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়াই। প্ৰয়োজনত চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণৰো ইংগিত দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। উল্লেখ্য যে মমতা বেনাৰ্জীৰ নিৰ্দেশতে অসম উপস্থিত হৈছেহি তৃণমূলৰ প্ৰতিনিধি দলটো।