নাগালেণ্ডৰ টুৱেনচাঙত আলফা স্বাধীনৰ দুই সদস্যৰ আত্মসমৰ্পণ…

নাগালেণ্ডৰ টুৱেনচাঙত আলফা স্বাধীনৰ দুই সদস্যৰ আত্মসমৰ্পণ…

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ টুৱেনচাঙত আলফা স্বাধীনৰ দুই সদস্যৰ আত্মসমৰ্পণ…

ডিজিটেল সংবাদ, ৱাখা : নাগালেণ্ডৰ ম্যানমাৰ সীমান্ত টুৱেনচাঙ জিলাত মংগলবাৰে আলফা স্বাধীনৰ দুজন দুৰ্ধষ সদস্যই আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে । প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে আছাম ৰাইফলছৰ টুৱেনচাঙ বেটিলিয়নে ম্যানমাৰ পৰা অহা আলফাৰ দুগৰাকী সদস্যই জিলাখনত বাহৰ পতা বুলি গোপন তথ্য লাভ কৰে

Advertisment

তাৰ পিছতে মেছেঙলেঙ খেতি অঞ্চলত অভিযান আৰম্ভ কৰে আছাম ৰাইফলছে । সুৰক্ষা বাহিনীৰ অভিযানৰ খবৰ পাই আলফা স্বাধীনৰ কেডাৰ দুজনে আত্মসমৰ্পণ কৰে । আলফা সদস্য দুজনে সেনাৰ ওচৰত অস্ত্ৰও জমা দিয়ে ।