ত্ৰিপুৰাত চৰকাৰৰ বিৰুদ্ধে সৰৱ ১০ সহ্স্ৰাধিক শিক্ষক

ত্ৰিপুৰাত চৰকাৰৰ বিৰুদ্ধে সৰৱ ১০ সহ্স্ৰাধিক শিক্ষক

author-image
asomiyapratidin
New Update
ত্ৰিপুৰাত চৰকাৰৰ বিৰুদ্ধে সৰৱ ১০ সহ্স্ৰাধিক শিক্ষক

ফাইল ফটো

ডিজিটেল সংবাদ, আগৰতলাঃ দীৰ্ঘসময় ধৰি নীৰৱতা অৱলম্বনৰ পিছত পুনৰ সৰৱ হৈ পৰিছে চাকৰি ত্যাগৰ নিৰ্দেশ লাভ কৰা ত্ৰিপুৰাৰ ১০ সহস্ৰাধিক শিক্ষক। এই অনুযায়ী যোৱা ৬ আগষ্টত চাকৰি ত্যাগ কৰিবলৈ চৰকাৰে নিৰ্দেশ প্ৰদান কৰা শিক্ষকসকলে ৰাজ্যখনৰ ৰাজধানী আগৰতলাত ধৰ্ণা প্ৰদৰ্শন কৰে।

ধৰ্ণা কালত শিক্ষকসকলে সংবাদ মাধ্যমৰ আগত দাবী কৰে যে বিনা দোষত তেওঁলোকক এনেদৰে চৰকাৰে শাস্তি প্ৰদৰ্শন কৰিছে। একেই পদ্ধতিৰে সকলোৱে চাকৰি পোৱাৰ পিছতো কিয় কেৱল শিক্ষকসকলকহে বাছি লোৱা হ'ল বুলি প্ৰশ্ন কৰি এনে নিৰ্দেশ তেওঁলোকে কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে।

ইফালে শিক্ষা বিষয়াৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত মন্তব্য কৰিছে যে বিষয়টো সন্দৰ্ভত বিভাগৰ কোনো কৰণীয় নাই কিয়নো সমস্ত প্ৰক্ৰিয়া ন্যায়ালয়ৰ নিৰ্দেশত সম্পন্ন কাৰ হৈছে। চৰকাৰে আদালতৰ নিৰ্দেশ মানি চলি কাম কৰিবলৈ বাধ্য বুলিও সদৰী কৰে বিষয়াগৰাকীয়ে।