/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/HOCKER.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ বাতৰি কাকতৰ হকাৰসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে ত্ৰিপুৰা চৰকাৰে। ৰাজ্যখনৰ ৩৭২ গৰাকী হকাৰক দিব ১০০০কৈ টকা। কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছৰে পৰা ৰাজ্যখনত বাতৰি কাকতৰ প্ৰচলন পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। এই সময়ত সংকটত পৰিছে হকাৰসকল। সেইবাবেই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে এই আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে।
২৪ মাৰ্চৰ পৰা দেশজুৰি হোৱা লকডাউনৰ সময়চোৱাৰে পৰা বাতৰি কাকত প্ৰকাশক গোষ্ঠীসমূহ যথেষ্ঠ অসুবিধাত পৰিছে। পাঠকৰ সহাৰি নোপোৱা একাংশ বাতৰি কাকতে লকডাউনৰ সময়ৰ পৰা নগণ্যসংখ্যক কাকতহে চপা কৰাৰ লগতে কেৱল অনলাইন এডিচন বা পিডিএফ ফাইল প্ৰস্তুত কৰি পাঠকক খবৰৰ যোগান ধৰি আহিছে।
বাতৰি কাকতযোগে কোৰোনা ভাইৰাছ সংক্ৰমণ হ'ব পাৰে বুলি চলোৱা ভুৱা প্ৰচাৰৰ বাবে কিছু গ্ৰাহকৰ লগতে হকাৰ শংকিত হৈ পৰাৰ বাবেও বহুস্থানত হকাৰৰ বৃত্তি ত্যাগ কৰিছে একাংশ লোকে। কোৰোনা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধি পোৱাৰ সময়তে হকাৰসকল যাতে মানসিকভাৱে ভাগি পৰাৰ লগতে আৰ্থিক অনাটনত নপৰে তাৰ বাবে এই ধনৰাশি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে টুইটযোগে এই কথা সদৰি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/TRIPURA-GOVT-WILL-PROVIDE-1000-RUPPESS-TO-372-HOCKERS-1024x914.jpg)