/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DrMpm1JWkAAhH10.jpg)
ডিজিটেল ডেস্কঃ এইবাৰ গৰুক লৈ ৰাজনীতি কৰিব বিপ্লৱ দে'য়ে। বৃহৎ উদ্যোগ স্থাপন কৰাৰ ক্ষমতা নাই বুলি স্বীকাৰ কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৫ হাজাৰ পৰিয়ালক সংস্থাপন দিবলৈ এক নতুন কৰ্মসূচী গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে। সোমবাৰে বিপ্লৱ দে'য়ে এই আঁচনিৰ জৰিয়তে ত্ৰিপুৰাৰ ৫ হাজাৰ পৰিয়ালক দুটাকৈ গৰু দিব বুলি জানিবলৈ দিয়ে। মুঠ ১০ হাজাৰ গৰু বিতৰণৰ জৰিয়তে ৬ মাহৰ ভিতৰতে সেই ৫ হাজাৰ পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলি হ'ব বুলি তেওঁ আশাবাদী।
বিপ্লৱ দে'য়ে কয়- ১০,০০০ কোটি টকা ব্যয় কৰি ২০০০ মানুহক সংস্থাপন দিয়াতকৈ ১০হাজাৰ গৰু দান দি ৫০০০ পৰিয়ালক উপাৰ্জনক্ষম কৰিবলৈ তেওঁ আঁচনি গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বৰ্তমানৰ বাসভৱনতো গৰু পোহা বুলি উল্লেখ কৰি সেই গৰু গাখীৰে তেওঁ দৈনিক খোৱাৰ কথাও উল্লেখ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে, গৰু বিতৰণৰ এই আঁচনিখনে ৫হাজাৰ পৰিয়ালক পুষ্টিহীনতাৰ পৰা ৬মাহৰ ভিতৰতে মুক্ত কৰাৰ উপৰিও দৈনিক উপাৰ্জন কৰিবলৈ সক্ষমতা দিব।