/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/tripura-cm.jpg)
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ সমান্তৰালকৈ এইবাৰ সাহিত্যচৰ্চাত নামিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ। তেওঁ লিখিলে এখনি গ্ৰন্থ। ৰাজনীতিৰ লগতে ত্ৰিপুৰা মুখ্যমন্ত্ৰীগৰাকীয়ে সাহিত্যচৰ্চাতো মনোনিৱেশ কৰিছে।
ত্ৰিপুৰাৰ কিদংবন্তী ৰজা বীৰ বিক্ৰম কিশোৰ দেৱবৰ্মা মানিক্য বাহাদুৰৰ জীৱনক আধাৰ কৰি এখন জীৱনীমূলক গ্ৰন্থ লিখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গ্ৰন্থখন অচিৰেই আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব বুলি সংবাদমাধ্যমক অৱগত কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা অমিত মিশ্ৰই।
উপদেষ্টাগৰাকীয়ে জনোৱা মতে, 'যোৱা ১৯ আগষ্টতে ত্ৰিপুৰাৰ ৰজাগৰাকীৰ ১১০ সংখ্যক জন্মজয়ন্তী সৈতে সংগতি ৰাখি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে গ্ৰন্থখন উন্মোচন কৰাৰ কথা আছিল যদিও কোনো কাৰনত বাতিল কৰা হয় এই অনুষ্ঠান। গ্ৰন্থখন বাংলা ভাষালৈও অনুবাদ কৰা হ'ব বুলিও জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।