চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
উত্তৰ-পূব মুখ্য-পৃষ্ঠা

অমিত শ্বাহৰ নিৰ্দেশতে বিপ্লৱ কুমাৰ দেৱে কৰিলে পদত্যাগ ! ত্ৰিপুৰাৰ ৰাজনীতিত ধুমুহা….

অমিত শ্বাহৰ নিৰ্দেশতে বিপ্লৱ কুমাৰ দেৱে কৰিলে পদত্যাগ ! ত্ৰিপুৰাৰ ৰাজনীতিত ধুমুহা….

author-image
asomiyapratidin
14 May 2022 16:56 IST

Follow Us

New Update
অমিত শ্বাহৰ নিৰ্দেশতে বিপ্লৱ কুমাৰ দেৱে কৰিলে পদত্যাগ ! ত্ৰিপুৰাৰ ৰাজনীতিত ধুমুহা….

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ পদত্যাগ। ৰাজ্যপাল এছ এন আৰ্যৰ ওচৰত বিপ্লৱ কুমাৰ দেৱে দাখিল কৰিলে পদত্যাগ পত্ৰ। অৱশ্যে বিপ্লৱ কুমাৰ দেৱে কিয় পদত্যাগ কৰিছে সেই বিষয়ে এতিয়াও স্পষ্টকৈ প্ৰকাশ পোৱা নাই।

Advertisment

ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন ২০২৩ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত হ'ব। যোৱা বিধানসভা নিৰ্বাচন ২০১৮ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। ত্ৰিপুৰা বিধানসভাত মুঠ ৬০ জন সদস্য আছে। ২০১৮ ৰ নিৰ্বাচনত বিজেপিয়ে ৪৩ শতাংশ ভোট লাভ কৰি প্ৰথমবাৰৰ বাবে ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল। বিজেপিয়ে দখল কৰিছিল ৩৬ খন আসন।

বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগৰ লগে লগে ত্ৰিপুৰাৰ ৰাজনীতিত এক প্ৰকাৰে ধুমুহাৰ সৃষ্টি হৈছে। তৃণমূল কংগ্ৰেছে বিপ্লব কুমাৰ দেৱক তেওঁৰ পদত্যাগক লৈ সমালোচনা কৰিছে। এক টুইটযোগে তৃণমূল কংগ্ৰেছে কয়, "বিপ্লব কুমাৰ দেৱে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছে। তেওঁ ইতিমধ্যে যথেষ্ট ক্ষতি কৰিছে। সেইকাৰণে তেওঁৰ দলৰ শীৰ্ষ নেতৃত্বও তেওঁৰ নিষ্ক্ৰিয়তাত বিচলিত হৈছিল।

ইয়াৰ উপৰিও টি এম চিয়ে কৈছে যে, ত্ৰিপুৰাত টিএমচিৰ বৰ্ধিত প্ৰভাৱৰ বাবে বিজেপি নেতৃত্বও অস্বস্তিত পৰিছে। উল্লেখ্য যে বিপ্লৱ কুমাৰ দেৱে শুকুৰবাৰে নতুন দিল্লীত গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। ইয়াৰ পিছতে শনিবাৰে তেওঁ পদত্যাগ কৰা কাৰ্যই তেওঁক শীৰ্ষ নেতৃত্বই পদত্যাৰ নিৰ্দেশ দিয়া বুলি ধাৰণা কৰা হৈছে। ইফালে ৰাজ্যখনত বিজেপিয়ে আজি সন্ধিয়াৰ ভিতৰতে আন এগৰাকী মুখ্যমন্ত্ৰী নিযুক্তি দিব বুলিও জানিব পৰা গৈছে।

আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
শেহতীয়া প্ৰৱন্ধসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!