New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/biplab-dev_11zon.jpg)
- ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক হত্যাৰ চেষ্টাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ।
- ত্ৰিপুৰাৰ আৰক্ষীয়ে সদৰি কৰিছে এই কথা।
- বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক তিনিজন ব্যক্তিয়ে গাড়ীৰে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
- শ্যমাপ্ৰসাদ মুখাৰ্জীৰ লেনত থকা চৰকাৰী বাসভৱনৰ ওচৰত গাড়ীৰে এই অপচেষ্টা কৰিছিল তেওঁলোকে।
- সন্ধিয়া মুখ্যমন্ত্ৰী খোজকাঢ়ি যাওঁতে নিৰাপত্তা বেষ্টনীৰ মাজেৰে এখন গাড়ী চলাই লৈ গিছিল।
- মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে জাপ মাৰি কথমপিহে নিজৰ প্ৰাণ ৰক্ষা কৰিছিল।
- এই ঘটনাত মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বেষ্টনীৰ এজন নিৰাপত্তাৰক্ষী আহত হৈছে।
- ব্যক্তি তিনিওজনকে আৰক্ষীয়ে আটক কৰাৰ লগতে বাহনখন জব্দ কৰিছে।