এইবাৰ ত্ৰিপুৰাৰ ৰাজনীতিত মমতা বেনাৰ্জীৰ খেলাঃ বিজেপি ত্যাগ কৰি তৃণমূলত যোগদান কৰিব বিধায়কে…

এইবাৰ ত্ৰিপুৰাৰ ৰাজনীতিত মমতা বেনাৰ্জীৰ খেলাঃ বিজেপি ত্যাগ কৰি তৃণমূলত যোগদান কৰিব বিধায়কে…

author-image
asomiyapratidin
New Update
এইবাৰ ত্ৰিপুৰাৰ ৰাজনীতিত মমতা বেনাৰ্জীৰ খেলাঃ বিজেপি ত্যাগ কৰি তৃণমূলত যোগদান কৰিব বিধায়কে…

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পিছতে উপ-নিৰ্বাচনতো মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ সফলতাৰ পিছত দলটোৰ প্ৰতি আগ্ৰহী হৈ পৰিছে বহু বিৰোধী বিধায়ক। শেহতীয়াকৈ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ প্ৰায় ১৪ গৰাকী কংগ্ৰেছ বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ চৰ্চা চলি থকাৰ মাজতে এই বাৰ ত্ৰিপুৰাত নিজৰ ৰাজনীতিৰ পাশা খেল আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে।

Advertisment

পশ্চিমবংগত যিদৰে বিজেপি বিধায়ক, সাংসদক নিজ দললৈ আনিছে ঠিক সেইদৰে এইবাৰ ত্ৰিপুৰাতো মমতাই বিজেপিৰ বিধায়কক তৃণমূল কংগ্ৰেছত চামিল কৰিবলৈ সাজু হৈছে। প্ৰকাশিত খবৰ মতে ত্ৰিপুৰাৰ বিজেপি বিধায়কে এইবাৰ বিজেপি ত্যাগ কৰি যোগদান কৰিব তৃণমূল কংগ্ৰেছত।

ত্ৰিপুৰাৰ বিজেপি বিজেপি বিধায়ক আশীষ দাসে তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বৰ্তমান এইগৰাকী বিজেপি বিধায়কে কলকাতাত বাহৰ পাতি আছে। তেওঁ অতি শীঘ্ৰেই মমতা বেনাৰ্জীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰিব। উল্লেখ্য যে অসমৰ কংগ্ৰেছ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰি পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। সুস্মিতাই অসমৰ ৰাজনীতি ত্যাগ কৰি ত্ৰিপুৰাৰ ৰাজনীতিত আত্ম্ৰকাশ কৰিছে।