Tripura Assembly Election Live Update : ত্ৰিপুৰা নিৰ্বাচন

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
Tripura Assembly Election Live Update : ত্ৰিপুৰা নিৰ্বাচন

  • Feb 16, 2023 14:47 IST

    ৫১ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ ত্ৰিপুৰাত

    দিনৰ ১ বজালৈ ৫১.৩৫ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ ত্ৰিপুৰাত



  • Feb 16, 2023 13:10 IST

    বিজেপিৰ বিৰুদ্ধে অভিযোগ তিপ্ৰা মথাৰ সভাপতি প্ৰদ্যোত দেৱবাৰ্মাৰো

    তিপ্ৰা মথাৰ সভাপতি প্ৰদ্যোত দেৱবাৰ্মাৰো অভিযোগ বিজেপিৰ বিৰুদ্ধে । বহু কেইটা সমষ্টিত হিংসাত্মক কাৰ্যকলাপ হাতত লৈছে হেনো বিজেপিয়ে...



  • Advertisment
  • Feb 16, 2023 13:00 IST

    ভোটদান কৰিলে ব্ৰু সম্প্ৰদায়ৰ শৰণাৰ্থি সকলেও

    ব্ৰু সম্প্ৰদায়ৰ বাবে গণতান্ত্ৰিক যুঁজখন আছিল বহু দীঘলীয়া আৰু কষ্টকৰ । এই ব্ৰু সম্প্ৰদায়ৰ লোকসকলেও ত্ৰিপুৰাৰ গণতান্ত্ৰিক অধিকাৰৰ অংশ ল'বলৈ পায় আনন্দিত...



  • Feb 16, 2023 12:27 IST

    ত্ৰিপুৰা নিৰ্বাচনত অঘটন

    ভোটগ্ৰহণৰ মাজতেই পৰিলক্ষিত হয় বিক্ষিপ্ত ঘটনাৰ । শান্তিবজাৰ অঞ্চলত চি পি আই (এম)ৰ সমৰ্থকক মাৰপিটৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে, একেই অভিযোগ ধনপুৰতো । আনহাতে ৬ টাকৈ বুথত ৰিগিঙৰো অভিযোগ বিজেপিৰ বিৰুদ্ধে । অৱশ্যে এই অভিযোগ অস্বীকাৰ বিজেপিৰ...



  • Feb 16, 2023 12:24 IST

    ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ গুৰুতৰ অভিযোগ

    বাওপন্থী প'লিং এজেন্টক বুথৰ পৰা বলপূৰ্বকভাৱে বাহিল কৰি দিয়াৰ অভিযোগ বৰ্ষীয়ান নেতা গৰাকীৰ



  • Feb 16, 2023 11:57 IST

    ৩২ শতাংশ ভোটদান সম্পূৰ্ণ দিনৰ ১১ বজালৈ

    ইতিমধ্যে ৩২. ০৬ শতাংশ ভোটদান সম্পূৰ্ণ হৈছে ত্ৰিপুৰাত । ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱেও গোমাটিত কৰে ভোটদান...



  • Feb 16, 2023 11:33 IST

    গণতন্ত্ৰ সকলোৰে অধিকাৰ এই কথা প্ৰমাণ কৰিলে ত্ৰিপুৰাই

    ত্ৰিপুৰাৰ তৃতীয় লিংগৰ লোকসকলে ভোটদান কৰি উৎফুল্লিত হৈ পৰা আলোকচিত্ৰই এতিয়া স্থান পাইছে সামাজিক মাধ্যমত । ভোটদান যেন সকলোৰে বাবে সম অধিকাৰ এই কথা প্ৰমাণ কৰিলে ত্ৰিপুৰাই ।



  • Feb 16, 2023 10:52 IST

    ভোটদান কৰিলে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰে




  • Feb 16, 2023 09:51 IST

    ১২ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ ত্ৰিপুৰাত


    পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াত বৰ্তমানলৈ সম্পন্ন হ'ল ১২ শতাংশ ভোটগ্ৰহণ । ৰাতিপুৱাৰে পৰা দীঘলীয়া শাৰী প্ৰতিটো বুথত । এই কথাই প্ৰতিপন্ন কৰে ৰাইজে পৰিৱৰ্তন বিচৰাৰ সৈতেই সচেতন হৈছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ...



  • Feb 16, 2023 09:31 IST

    ৰাইজক 'উন্নত ত্ৰিপুৰা, শ্ৰেষ্ঠ ত্ৰিপুৰা' গঢ়াৰ আহ্বান মানিক সাহাৰ

    বৰডোৱালি সমষ্টিত ভোটদান কৰি ৰাইজলৈ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ । এই ভোটদানৰ জৰিয়তে 'উন্নত ত্ৰিপুৰা, শ্ৰেষ্ঠ ত্ৰিপুৰা' গঢ়াৰ আহ্বান ৰাইজক । আনহাতে এই ভোটদান যে ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ আৰু এই অধিকাৰ সাব্যস্ত কৰাটো যে প্ৰয়োজনীয় সেই কথা সুৱঁৰাই দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে...



  • Feb 16, 2023 09:26 IST

    পুৱাৰে পৰাই দেখা গ'ল ভোটাৰৰ ভীৰ




  • Feb 16, 2023 08:46 IST

    ভোটদান কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই

    ত্ৰিপুৰা বিধানসভা নিৰ্বাচন,২০২৩ ৰ বাবে ভোটদান কৰিলে ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মানিক সাহাই । মহাৰাণী তুলসীৱতী গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ১৬ নং বুথত ভোটদান কৰে মন্ত্ৰীগৰাকীয়ে ।



  • Feb 16, 2023 08:35 IST

    আৰম্ভ হ'ল ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

    পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত ৩,৩৩৭ টা ভোটদান কেন্দ্ৰত ভাগ্য নিৰ্ধাৰণ হ'ব মুঠ ৬০ খন আসনৰ প্ৰত্যাশিত প্ৰাৰ্থীৰ । ২৮ লাখৰো অধিক ভোটাৰে অংশ গ্ৰহণ কৰিব এই ভোটদান প্ৰক্ৰিয়াত, য'ত ১৩.৫৩ লাখেই মহিলা ভোটাৰ । ইয়াৰ ওপৰিও মুঠ ৬০ খন আসনৰ প্ৰতিদ্বন্দিতাত ২২ গৰাকী মহিলাই প্ৰাৰ্থীত্ব আগবঢ়াইছে ।

    উল্লেখ্য যে, ৬০ খন আসনত বিজেপিয়ে আগবঢ়াব সৰ্বমুঠ ৫৫ খন আসনত প্ৰতিদ্বন্দিতা, বামপন্থী মিত্ৰজোটে ৪৭ খন, তিপ্ৰা মথাই ৪২ খন আৰু কংগ্ৰেছে ১৩ খন আসনত আগবঢ়াব প্ৰতিদ্বন্দিত‍া । ত্ৰিপুৰাৰ বাবে এই নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ, আগন্তুক সময়ছোৱাত বিজেপিয়ে সমগ্ৰ দেশত খোপনি পুতিবলৈ হ'লে আৰম্ভণি হ'ব ত্ৰিপুৰাৰ পৰাই । একেই অৱস্থা আন দলসমূহৰ বাবেও ।

    ত্ৰিপুৰাৰ এই নিৰ্বাচনৰ বাবে মোতায়েন কৰা হৈছে সৰ্বমুঠ ৩১ হেজাৰ নিৰ্বাচনী বিষয়া তথা ২৫ হেজাৰ সুৰক্ষা কৰ্মী ।



tripura assembly election