উত্তৰ পূৰ্বাঞ্চলত কাল ধুমুহাৰ বিধ্বংসী ৰূপঃ ত্ৰিপুৰাৰ ৩ জিলাত প্ৰচণ্ড শিলাবৃষ্টি-ধুমুহাত ৫ হেজাৰ ঘৰ তচনচ, ৪ হাজাৰ গৃহহীন পৰিয়ালৰ শিৱিৰত আশ্ৰয়

উত্তৰ পূৰ্বাঞ্চলত কাল ধুমুহাৰ বিধ্বংসী ৰূপঃ ত্ৰিপুৰাৰ ৩ জিলাত প্ৰচণ্ড শিলাবৃষ্টি-ধুমুহাত ৫ হেজাৰ ঘৰ তচনচ, ৪ হাজাৰ গৃহহীন পৰিয়ালৰ শিৱিৰত আশ্ৰয়

author-image
asomiyapratidin
New Update
উত্তৰ পূৰ্বাঞ্চলত কাল ধুমুহাৰ বিধ্বংসী ৰূপঃ ত্ৰিপুৰাৰ ৩ জিলাত প্ৰচণ্ড শিলাবৃষ্টি-ধুমুহাত ৫ হেজাৰ ঘৰ তচনচ, ৪ হাজাৰ গৃহহীন পৰিয়ালৰ শিৱিৰত আশ্ৰয়

ডিজিটেল সংবাদ, ৱাখাঃ সমগ্ৰ দেশক কোৰোনা ভাইৰাছে আতংকিত কৰি ৰখাৰ সময়তে বিগত কিছুদিনৰ পৰা উত্তৰ পূৰ্বাঞ্চলত হৈ থকা ধাৰাবাহিক প্ৰচণ্ড কালধুমুহা আৰু শিলাবৃষ্টিয়ে ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ডত ঘৰ -দুৱাৰ বিধবস্ত কৰি পেলোৱাত সম্প্ৰতি প্ৰায় ৫ হেজাৰৰোধিক পৰিয়াল গৃহহীন হৈ পৰিছে। বংগোপসাগৰত সৃষ্টি হোৱা প্ৰচণ্ড নিম্নচাপৰ ফলত যোৱা বুধবাৰে ত্ৰিপুৰাৰ তিনিখন জিলাৰ ওপৰে পাৰহৈ যোৱা আৰু শিলাবৃষ্টিয়ে পাঁচ হেজাৰ পৰিয়ালৰ ঘৰ একেবাৰে তচনচ কৰি থৈ যায়। প্ৰাপ্ত খবৰ অনুসৰি ২৩ এপ্ৰিল সন্ধিয়া অহা শিলাবৃষ্টিয়ে চিপাহীজালা, পশ্চিম ত্ৰিপুৰা আৰু খৱাই জিলাত নিমিষতে কেৱল ঘৰ দুৱাৰ নহয় ফলমূলৰ বাগিছা আৰু হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ শাক পাচলি বিস্তৰ ক্ষতিসাধন কৰে।

বিশেষকৈ বাইদিয়া দিঘি, গোলাঘাটি বজাৰ, মহনপুৰ পথালিয়া পঞ্চায়ত চিকানবেৰা পঞ্চায়তকে ধৰি শতাধিক গাঁৱৰ পাঁচ হেজাৰোধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি পেলোৱাত গৃহহীন হৈ শিবিৰত আশ্ৰয় ল'ব লগা হয়। এই প্ৰাকৃতিক দুৰ্যোগৰ খবৰ লাভ কৰাৰ পিছত আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে চিপাহীজালাৰ ধুমুহাত আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি দুৰ্গতসকলক সৈতে বাৰ্তালাপ কৰে। তেওঁ চৰকাৰী বিষয়াসকল প্ৰকৃত ক্ষয়ক্ষতি জৰীপ কৰি শীঘ্ৰে দুৰ্যোগত আক্ৰান্তলোকসকলক সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ধুমুহাত সৰ্বস্ব হেৰুৱাই নিঃস্বৰ হোৱা লোকসকলক তাৎক্ষণিক ভাৱে সকাহ দিয়াৰ উদ্দেশ্য ভুক্তভোগী পৰিয়ালৰ মাজত ৫ হেজাৰ টকাৰ চেক প্ৰদান কৰে। উল্লেখযোগ্য যে, বুধবাৰে অহা এই কালধুমুহা আৰু শিলাবৃষ্টিয়ে কেৱল ত্ৰিপুৰাৰ চিপাহীজালাৰ ৩০০ পৰিয়ালৰ ঘৰ দুৱাৰ সম্পূৰ্ণ ধবংস কৰি পেলায় আনহাতে ৪০০ টা পৰিয়ালৰ ঘৰ আংশিক ধবংস হয়। আনহাতে ২১ এপ্ৰিলত মণিপুৰৰ উখ্ৰৰুল আৰু সেনাপতি জিলাত হোৱা প্ৰবল শিলবৰষুণে ৪৫০ ঘৰ ধবংস কৰে।

এই শিলাবৃষ্টি ইমান ভয়ংকৰ আছিল যে বহু পৰিয়ালৰ টিংপাত ফুটাই ঘৰৰ আচবাব নষ্ট কৰে। নাগালেণ্ডৰ কিফিৰ জিলাৰ প্ৰংগ্ৰ মহকুমা ছালমী গাঁৱত শিলাবৃষ্টি ছয় ইঞ্চি ডাঠ বৰফৰ আছাদন সৃষ্টি কৰে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰীয় প্ৰকাশ কৰামতে চুবুৰীয়া বংগোপ উপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে এনেদৰে উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণী বতাহে প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিয়ে ধবংস লীলা অব্যাহত ৰাখিছে। এই বতৰ অহা তিনি চাৰি দিনলৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে।