/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/silchar.jpg)
ডিজিটেল ডেস্কঃ এন আৰ চিৰ বিৰুদ্ধে সৰৱ হৈ পৰা মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ ৭ জনীয়া প্ৰতিনিধি বৃহস্পতিবাৰে দুপৰীয়া শিলচৰত উপস্থিত হয়। শিলচৰ বিমান বন্দৰত উপস্থিত হোৱা প্ৰতিনিধি দলটোক প্ৰশাসনে বিমান বন্দৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে। তাতেই তেওঁলোকে কোনো লোকক সাক্ষাৎ কৰিব বিচাৰিলে ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰশাসনে।
প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে বিমান বন্দৰৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে তুমূল প্ৰতিবাদ সাব্যস্ত কৰে। আইন-শৃংখলাজনিত কাৰণত প্ৰতিনিধি দলটোক বাহিৰলৈ ওলাবলৈ নিদিয়াত অসম চৰকাৰ হায় হায় ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
উল্লেখ্য যে এন আৰ চিৰ খচৰা প্ৰকাশৰ পাছত বিহাৰী আৰু বাংলাভাষী লোকক ইচ্ছাকৃতভাৱে খচৰাৰ পৰা নাম বাদ দিয়াৰ অভিযোগ তুলি পৰিস্থিতিৰ বুজ লবলৈ এই প্ৰতিনিধি দলটোৱে অসমত উপস্থিত হৈছে। প্ৰতিনিধি দলটোৰ নেতৃত্বত আছে পশ্চিমবংগৰ নগৰ উন্নয়ন মন্ত্ৰী ফিৰহাদ হাকিম।
দলটোৰ আন সদস্যসকল ক্ৰমে সাংসদ সুশেন্দু শেখৰ ৰয়, কাকলি ঘোষ, ৰত্না দেৱনাগ, নাদিমূল হক, অৰ্পিতা ঘোষ, মমতা ঠাকুৰ আৰু বিধায়ক মহুয়া মিত্ৰ। এই প্ৰতিনিধি দলটোৰ আগমনৰ ফলত সৃষ্টি হব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰিছিল। বিমান বন্দৰতো আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে সভা-সমিতি নিষিদ্ধ কৰিছিল শিলচৰ প্ৰশাসনে।