/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/sonaol-tractor.jpg)
ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত বুধবাৰে আয়োজিত কৃষক সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানতে গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণ কৰা হয় কৃষকসকলৰ মাজত।
অনুষ্ঠানটোত মুখ্য অতিথিৰূপে সোণোৱালে অংশ লোৱাৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে। কেবাগৰাকীও বিজেপি বিধায়কৰ উপস্থিতিত এই সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কৃষিমন্ত্ৰীৰ সৈতে একেলগে ট্ৰেক্টৰো চলায়।