কোভিড-১৯ঃ অহা ২৬ জুলাইৰ মাজনিশাৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন…

কোভিড-১৯ঃ অহা ২৬ জুলাইৰ মাজনিশাৰ পৰা শ্বিলঙত পুনৰ সম্পূৰ্ণ লকডাউন…

author-image
asomiyapratidin
New Update
আনলক-৩ আৰম্ভ ১আগষ্টৰ পৰাঃ কি খোলা, কি বন্ধ…

ডিজিটেল ডেস্কঃ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ। আন ৰাজ্যৰ লগতে মেঘালয়তো এই ভাইৰাছত বহু লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৬ জুলাইৰ মাজনিশাৰ পৰা ২৯ জুলাইৰ মাজনিশালৈ শ্বিলঙত পুনৰ লকডাউন জাৰি কৰিছে মেঘালয় চৰকাৰে।

মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনছঙে কয়- 'পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে। যদি কোৰোনাৰ সংক্ৰমণ অধিক বৃদ্ধি পাই তেন্তে লকডাউনৰ সময় বৃদ্ধি কৰা হ'ব পাৰে। তদুপৰি কোভিড-১৯ৰ সংক্ৰমণ যাতে বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি শ্বিলঙৰ একাংশ স্থান কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, শ্বিলঙৰ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা এলেকাসমূহ ক্ৰমে- মাৱবাহ, ঝালুপাৰা, বৰাপথাৰ, মাৱলাই উমিছিং, আপাৰ মাৱপ্ৰেম, মাৱলাই উমজাইপুৰ, নংগ্ৰিম হিলছ, লাইটুমখ্ৰাহ, গলফ লিংক, লাচুমিৰে আৰু নংগ্ৰাহ। ইফালে, ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'আমি এই সন্দৰ্ভত আলোচনা কৰিছো। আৰু ৰাজ্যত যাতে কোৰোনাৰ গণ সংক্ৰমণ নহয় তাৰ বাবে লকডাউন পুনৰ জাৰি কৰাৰ বাবে সিদ্ধান্ত লৈছো।'

ইফালে, পূব খাচী হিলছত পৰিছে কোৰোনাৰ প্ৰভাৱ। জিলাখনত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত ৪১৯জন লোক চিকিৎসাধীন হৈ আছে। আনহাতে, ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত ৫জন লোকে হেৰুৱাইছে প্ৰাণ।