নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক’লে মণিপুৰৰ শিক্ষামন্ত্ৰীয়ে…

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক’লে মণিপুৰৰ শিক্ষামন্ত্ৰীয়ে…

author-image
asomiyapratidin
New Update
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক’লে মণিপুৰৰ শিক্ষামন্ত্ৰীয়ে…

ডিজিটেল ডেস্কঃ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে। লোকসভাত মাত্ৰ ৮৩টা ভোট পৰিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। এই বিধেয়কখনৰ সপক্ষে বিপুল সমৰ্থন লাভ কৰাৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাবলৈ সক্ষম হ'ল গৃহ মন্ত্ৰীগৰাকী।

এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত মন্তব্য কৰে মণিপুৰৰ শিক্ষামন্ত্ৰী থকচম ৰাধেশ্যাম সিঙে। তেওঁ সংবাদমাধ্যমৰ আগত কয়- মণিপুৰক ইনাৰলাইন পাৰ্মিটৰ সুৰক্ষা প্ৰদান কৰা হৈছে। গৃহ মন্ত্ৰীয়ে আমাক আশ্বাস দিছে যে, এই বিধেয়ক সন্দৰ্ভত আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। এই বিধেয়ক নাগৰিকসকলৰ লাভৰ বাবেই কৰা হৈছে।'