উত্তৰ-পূৰ্বৰ তিনি ৰাজ্যত গণৰাজ্য দিৱস বৰ্জন, জনশূণ্য পতাকা উত্তোলনথলী, চাওক VIDEO

উত্তৰ-পূৰ্বৰ তিনি ৰাজ্যত গণৰাজ্য দিৱস বৰ্জন, জনশূণ্য পতাকা উত্তোলনথলী, চাওক VIDEO

author-image
asomiyapratidin
New Update
উত্তৰ-পূৰ্বৰ তিনি ৰাজ্যত গণৰাজ্য দিৱস বৰ্জন, জনশূণ্য পতাকা উত্তোলনথলী, চাওক VIDEO

ডিজিটেল সংবাদ, গোলাঘাটঃ কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰক সম্পূৰ্ণৰূপে ধ্বংস কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আইনত পৰিণত কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰি শনিবাৰে দেশৰ ৭০ সংখ্যক গণৰাজ্য দিৱস বৰ্জন কৰে উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ জনগণে৷

জাতিৰ অস্তিত্ব বিপন্ন কৰিব বিচৰা জাতিধ্বংসী বিধেয়কখন বৰ্জন কৰাৰ দাবীত অসমৰ প্ৰতিবেশী নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ জণগণে সম্পূৰ্ণৰূপে গণৰাজ্য দিৱস বৰ্জন কৰে৷

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পেৰেডত অংশগ্ৰহণত নগন্য সংখ্যক আৰক্ষী কৰ্মীৰ বাহিৰে এজনো ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ নাগৰিকৰ উপস্থিতি পৰিলক্ষিত নহ'ল৷ ইয়াৰ পৰাই কেন্দ্ৰীয় চৰকাৰে বুজা উচিত যে বিধেয়কখনৰ বিৰুদ্ধে কিমান সোচ্চাৰ হৈ আছে জনসাধাৰণ। যদি বিধেয়কখন গৃহীত হয় তেনেহলে হব পৰা সম্ভাব্য পৰিস্থিতি সন্দৰ্ভতো ইয়াৰ পৰা শিক্ষা লোৱা উচিত চৰকাৰে৷