টাৱাঙত চুবেদাৰ যোগিন্দৰ সিঙৰ স্মৃতিসৌধ নিৰ্মাণ

টাৱাঙত চুবেদাৰ যোগিন্দৰ সিঙৰ স্মৃতিসৌধ নিৰ্মাণ
Published on
Updated on

ডিজিটেল সংবাদ, ইটানগৰঃ ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধত পৰাক্ৰমেৰে যুঁজ দি দেশৰ বাবে প্ৰাণ আহুতি দিয়া চুবেদাৰ যোগিন্দৰ সিঙৰ স্মৃতিত অৰুণাচলপ্ৰদেশৰ টাৱাঙত শুকুৰবাৰে এটি স্মৃতিসৌধ স্থাপন কৰা হয়৷

১৯৬২ চনৰ ২৩ অক্টোবৰত টাৱাঙৰ টংপেন লা নামৰ ঠাইত চীনা সৈন্যৰ হাতত চুবেদাৰ যোগিন্দৰ সিঙে প্ৰাণ হেৰুৱাইছিল৷  কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈকে পৰাক্ৰমেৰে তেওঁ চীনা সৈন্যক ভাৰতৰ মাটিত প্ৰবেশত বাধা প্ৰদান কৰি আহিছিল৷ তেওঁৰ সাহসিকতা আৰু বিচক্ষণতাৰ বাবে তেওঁৰ সহ-সৈন্যসকলে সমুখ সমৰত যুঁজ দিবলৈ উৎসাহ পাইছিল বুলি কোৱা হয়৷

উল্লেখ্য যে, মৰণোত্তৰভাৱে ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্বোচ্চ বীৰৰ পুৰস্কাৰ পৰম বীৰ চক্ৰ আগবঢ়ায়৷ অৰুণাচলবাসীয়ে এইজন সাহসী ভাৰতীয় সেনাৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে৷ ইফালে এনে এজন মহান ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ নামত শীঘ্ৰে এটি স্মৃতিসৌধ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গুণাগথা কৰি আছিল৷

বৰ্তমান টাৱাঙৰ বুমলা পাছৰ ওচৰতে থকা চুবেদাৰ যোগিন্দৰ সিঙৰ স্মৃতিসৌধটি নতুনকৈ ডাঙৰ আৰু সুন্দৰকৈ নিৰ্মাণ কৰি তোলা হৈছে ৷ মুখ্যমন্ত্ৰী পেমা খান্দুৱে নতুনকৈ নিৰ্মাণ কৰা স্মৃতিসৌধটিলৈ গৈ যোগিন্দৰ সিঙলৈ শ্ৰদ্ধা নিবেদন কৰে লগতে নতুন স্মৃতিসৌধটি পৰিদৰ্শন কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in