উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই কলকাতাৰ আৰক্ষী আয়ুক্তৰ চিবিআইলৈ চিঠি

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই কলকাতাৰ আৰক্ষী আয়ুক্তৰ চিবিআইলৈ চিঠি

author-image
asomiyapratidin
New Update
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই কলকাতাৰ আৰক্ষী আয়ুক্তৰ চিবিআইলৈ চিঠি

ডিজিটেল ডেস্কঃ কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰে চিবিআইৰ তদন্তত সহযোগ কৰিব বুলি জনায় অনুসন্ধানকাৰী সংস্থাটোক। উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিয়া নিৰ্দেশৰ পাছত চিঠি প্ৰেৰণ কৰে তেওঁ। তেওঁ চিবিআইক জনাই যে- ৮ ফেব্ৰুৱাৰীত তেওঁ চিবিআইৰ সন্মুখত হাজিৰ হ'ব। অৰ্থাৎ উক্ত দিনটোত অনুসন্ধানকাৰী সংস্থাটোৱে বিচাৰিলে শ্বিলঙৰ চিবিআই কাৰ্যালয়ত হাজিৰ হ'ব লাগিব আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ।

উচ্চতম ন্যায়ালয় নিৰ্দেশ দিয়ে যে- আৰক্ষী আয়ুক্তগৰাকীয়ে মেঘালয়ৰ শ্বিলংস্থিত চিবিআই কাৰ্যালয়ৰ নিৰপেক্ষ স্থানত হাজিৰ হ'ব লাগিব। উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ দিয়াৰ পাছতেই চিবিআই-য়ে ৰাজীৱ কুমাৰক সোধপোছ কৰাৰ বাবে প্ৰস্তুতি চলাইছে। লগতে আৰক্ষী আয়ুক্তগৰাকীক চলিত মাহৰ ২০ তাৰিখৰ ভিতৰতে চিবিআইৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে হৈছে।

ইফালে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কটাক্ষ কৰি এই সন্দৰ্ভত কয়- 'তাত সম্ভৱত বিজেপি চৰকাৰে আছে। তেওঁলোকে তাত এই ক্ষেত্ৰত বহু লাভ পাব পাৰে।' লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-' আচলতে, আৰক্ষী আয়ুক্তগৰাকীয়ে কাম এৰি যোৱা কথা নাছিল। কিন্তু ভালেই হ'ল যে তেওঁ কামৰ মাজতে অলপ ছুটীত যাবলৈ পালে।'