/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/miner-of-meghalaya-sc.jpg)
ডিজিটেল ডেস্কঃ বিগত প্ৰায় ১৭দিন ধৰি মেঘালয়ৰ অবৈধ কয়লাখনিত আৱদ্ধ হৈ থকা ১৩জন শ্ৰমিকৰ উদ্ধাৰ অভিযানক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে উদ্ধাৰ অভিযান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু মেঘালয় চৰকাৰক প্ৰদান কৰিছে কঠোৰ নিৰ্দেশ।
১৩জন শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰ আৰু মেঘালয় চৰকাৰে এই প্ৰতিবেদন দাখিল কৰিব লাগিব অহা ৭ জানুৱাৰীৰ ভিতৰত।
ইয়াৰোপৰি, উদ্ধাৰ অভিযান বৰ্তমান কেনে ধৰণে চলিছে সেয়াও অৱগত কৰিব লাগিব উচ্চতম ন্যায়ালয়ক। উল্লেখ্য যে, মেঘালয় অবৈধ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে ভাৰতীয় বায়ু সেনাৰ পৰা আদি কৰি কেবাটাও উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই ব্যৰ্থ হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us