/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ASSAM-6.jpg)
ডিজিটেল ডেস্কঃ নাগালেণ্ডত কয়লাখনিত কৰ্মৰত কৰ্মচাৰীৰ ওপৰত এখন বলেৰ' গাড়ীৰে ঘৰলৈ উভতাৰ পথত আছাম ৰাইফলছৰ এদল জোৱানে নিৰ্বিচাৰে গুলীচালনা কৰি ১৫ জন শ্ৰমিকক হত্যা কৰা আৰু বহুজনক আহত কৰা ঘটনাৰ সন্দৰ্ভত তিজিত থানাই আছাম ৰাইফলছৰ দলটোৰ বিৰুদ্ধে ২৭/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে।
ভাৰতীয় দণ্ডবিধিৰ হত্যা সংক্ৰান্তীয় ৩০২/ হত্যাৰ প্ৰচেষ্টা সম্পৰ্কীয় ৩০৭/৩৪ ধাৰাৰল অধীনত এই গোচৰ ৰুজু কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তিজিত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ টেট থানাৰ ই বি সশস্ত্ৰ শাখাৰ পৰিদৰ্শক পছেহু কেজু নামৰ বিষয়াগৰাকীয়ে লিখিত ভাৱে ২১ নম্বৰ অৰ্ধ-সামৰিক আছাম ৰাইফলছৰ বাহিনীটোৰ বিৰুদ্ধে জনোৱা এজাহাৰৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে।
এজাহাৰখনত স্পষ্টভাষাত কোৱা হৈছে যে, নিৰিহ শ্ৰমিক সকল বলেৰ' পিকআপ বাহনখনত শ্ৰমিকসকল কৰ্মস্থলীৰ পৰা উভতাৰ পথত বিয়লি প্ৰায় ৩-৩০ বজাত অপ্ৰৰোচিতভাৱে আছাম ৰাইফলছৰ দলটোৱে নিৰ্বিচাৰে গুলীচালনা কৰে। এজাহাৰ খনত এই কথাও উল্লেখ কৰা হৈছে যে, চৰকাৰী অভিযানত গ'লে অৰ্ধসামৰিক অথবা সামৰিকবাহিনীৰ লোকে ৰাজ্যিক আৰক্ষীক অৱগত কৰাৰ উপৰিও লগত তেওঁলোকেৰ বিষয়া লৈ যাব লাগে যদিও শনিবাৰে আছাম ৰাইফলছৰ দলটোৱে এই নীতি-নিয়ম সম্পূৰ্ণৰূপে উলংঘা কৰিছে।
সেইবাবেই অভিযান চলাবলৈ যোৱাৰ নামত নিৰ্বিচাৰ হত্যাত লিপ্ত আছাম ৰাইফলছৰ অপৰাধী দলটোৰ বিৰুদ্ধে বিধি পূৰ্বক গোচৰ ৰুজু কৰি শাস্তি প্ৰদানৰ ব্যৱস্থাৰ পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ জনোৱা হয়। ইয়াৰ ভিত্তিতে তিজিত আৰক্ষীয়ে আছাম ৰাইফলৰছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ইতিমধ্যে বিষয়টো নাগালেণ্ড আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰিছে আৰু নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে।