ৰক্ষা কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই..

ৰক্ষা কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই..

author-image
asomiyapratidin
New Update
ৰক্ষা কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই..

মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতি এনেকুৱাই। কেতিয়া কি হয় কোনেও ধৰিব নোৱাৰে। যিখন খেল বিজেপিয়ে খেলিছিল, একেই খেলৰেই পুনৰাবৃত্তি হ'ল মণিপুৰত। কৰ্ণাটক, মধ্যপ্ৰদেশৰ দৰেই ওলট-পালট এখন খেল। বিজেপি নেতৃত্বই ভবা নাছিল তেওঁলোকৰ এই ভাল দিনৰ সময়ত সলনি হৈ যাব পাৰে তেওঁলোক শাসনত থকা কোনো এখন ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ।

১৭ জুন, (বুধবাৰ), ২০২০ৰ আবেলিৰ ভাগত আনুষ্ঠানিকভাৱে ৯ জন বিধায়কে মণিপুৰত ঘোষণা কৰিলে তেওঁলোকে সমৰ্থন নকৰে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন এন বীৰেণ সিঙৰ এনডিএ চৰকাৰক। সংবাদমেল পাতি বিজেপি ৩ জন বিধায়কেও দল ত্যাগ কৰি কংগ্ৰেছক সমৰ্থন কৰাৰ কথা ঘোষণা কৰাৰ পাছতে মণিপুৰত বিজেপি চৰকাৰ পতনৰ বাট প্ৰশস্ত হয়।

এই সংঘাত দীৰ্ঘদিনৰে পৰা চলি আছিল। ইয়াৰ আনুষ্ঠানিক বৰ্হিপ্ৰকাশ হ'বলৈহে বাকী আছিল। মন কৰিব লগা যে, এই বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা সকলৰ ভিতৰত ৪ জনেই আছিল এনপিপি বিধায়ক। ইয়াৰে ৩ জনে মন্ত্ৰীপদতো আছিল।

এনপিপি অৰ্থাৎ নেশ্যনেল পিপ'লছ পাৰ্টিয়ে বিজেপিৰ সংগ এৰাতো হিমন্ত বিশ্বৰ নেতৃত্বত গঠন কৰা নেডাৰ প্ৰতিও এক মোক্ষম আঘাত। কিয়নো মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাৰ নেতৃ্ত্বাধীন এনপিপি আছিল নেডাৰ অন্যতম সহযোগী দল। মণিপুৰত এই দলটোৱে ৪ খন আসন লাভ কৰিছিল। তাৰে ৩ জন বিধায়কক দিয়া হৈছিল মন্ত্ৰীত্বৰ বাব। সেই সকলৰ ভিতৰত আছিল ৱাই জয়কুমাৰ সিং, লেটপাও হাওকিপ আৰু এল জয়ন্ত কুমাৰ সিং।

জয়কুমাৰ সিঙে এন বীৰেণ সিং মন্ত্ৰীসভাত উপমু্খ্যমন্ত্ৰীৰূপে, এল জয়ন্তকুমাৰে স্বাস্থ্যমন্ত্ৰীৰূপে আৰু লেটপাও হাওকিপেও মন্ত্ৰীৰূপে দায়িত্বভাৰ পালন কৰিছিল। বীৰেণ সিং মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা আনজন মন্ত্ৰী হ'ল জনজাতি পৰিক্ৰমাৰ মন্ত্ৰী এন ফায়েশ্বি। এই ৪ জন মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ সংঘাত আৰম্ভ হৈছিল ২০১৯ৰ অক্টোবৰৰ পৰাই।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে চৰকাৰখন ৰক্ষা কৰিবলৈ তেওঁৰ বিশ্বস্ত মন্ত্ৰী বিশ্ববিজ সিঙক লগত লৈ দিল্লীলৈ সঘনে অহা যোৱা কৰিছিল। কিন্তু শেষ ৰক্ষাা নহ'ল। ইম্ফলৰ পৰা অহা এই বাৰ্তাই এনে ইংগিত দিলে নেকি যে, কাৰ্যত বিজেপিৰ পতন আৰম্ভ হৈছে। ৰাজ্যখনত কংগ্ৰেছৰ নেতাসকলে দাবী কৰিব খোজে যে, মোডীৰ প্ৰতি মোহাচ্ছন্ন হোৱা বা নেডাৰ অধ্যক্ষৰূপে হিমন্ত বিশ্ব শৰ্মাৰ সফলতাৰ ইয়াতে ইতি পৰিল।

পদত্যাগ কৰি উপ মুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে ঘোষণা কৰিলে ২০২২ৰ বিধানসভাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই চৰকাৰৰ অসন্মানীয় আচৰণৰ বলি হৈ তেওঁলোকে এই সিদ্ধান্ত লবলৈ বাধ্য হ'ল। ২০১৭ চনৰ বিধানসভাৰ নিৰ্বাচনত যদিও কংগ্ৰেছে ৬০ জনীয়া মণিপুৰ বিধানসভাত ২৮ খন আসন লাভ কৰিছিল কিন্তু ৰাজনৈতিক যাদুৰ বলত শেষ মুহুৰ্তত চৰকাৰ গঠন কৰিছিল সেই নিৰ্বাচনত ২১ জন বিধায়ক জয়ী হোৱা বিজেপিয়ে।

সেইবাৰ নিৰ্বাচনত এনপিপিয়ে ৪খন, নগা পিপ'লছ ফ্ৰন্টে ৪ খন, লোক জনশক্তি পাৰ্টিয়ে এখন, তৃণমূল কংগ্ৰেছে এখন, নিৰ্দলীয়ই এখন আসন লাভ কৰিছিল। কিন্তু অ-কংগ্ৰেছী বিধায়কসকলৰ সমৰ্থন একত্ৰিত কৰি নেডাৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাই মণিপুৰত এখন অ-কংগ্ৰেছী চৰকাৰ গঠন কৰাত উদ্যোগ লৈছিল।

সেই সফলতাৰ দাবী তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে আছিল। মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাই বিজেপিক চৰকাৰ গঠন কৰিবলৈ দিয়াক লৈও আলোচনা চলিছিল। কিন্তু নিজ দলৰে বিধায়কে বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছত এতিয়া এনবীৰেণ সিঙৰ হাতত কোনো বিকল্প পথ নাইকীয়া হৈছে।

ৰাজ্যখনৰ বিজেপি বিধায়ক এছ সুভাষ চন্দ্ৰ সিং, টিটি হাওকিপ, ছেমুৱেল জেণ্ডাই ইতিমধ্যে দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। তৃণমূল কংগ্ৰেছৰ বিধায়ক টি ৰবিন্দ্ৰ সিং আৰু নিৰ্দলীয় বিধায়ক সাহাবুদ্দিনেও বিজেপিৰ সংগ এৰিলে। ইফালে সন্মুখত ৰাজ্য সভাৰ নিৰ্বাচন। বিজেপি পক্ষত এতিয়া মাত্ৰ ২৩ জন বিধায়কৰ সমৰ্থনহে আছে। তেওঁলোকৰ নিজৰ ১৮ জন, এনপিএফৰ এজন আৰু এজন এলজিপিৰ বিধায়ক।

আনহাতে চৰকাৰ গঠনৰ এই কুচকাৱাজৰ মাজতে কংগ্ৰেছৰ ২৮ জন বিধায়কৰ ভিতৰত ২০ জন দলটোত আছে যদিও এজনক দল বিৰোধী আইনৰ অধীনত অযোগ্য বিবেচিত কৰাৰ বিপৰীতে ৭ জন বিধায়কৰ ভোটদান কৰাৰ ক্ষমতা নাই। এই সন্দৰ্ভত চলি আছে আদালতত গোচৰ। সেয়েহে এতিয়া মণিপুৰ বিধানসভাত ভোটদান কৰিব পৰা বিধায়কৰ সংখ্যা হ'ল ৫২।

সেই অংকত চৰকাৰ গঠন কৰিবলৈ ২৭ জন বিধায়কৰ প্ৰয়োজন হ'ব কংগ্ৰেছক। কিন্তু আজিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ হাতত আছে ২৯ জন বিধায়ক। এয়া যেন কৰ্ণাটক, মধ্যপ্ৰদেশ, গুজৰাটত বিজেপিয়ে কৰাৰ দৰেই "ৰিভাৰ্ছ অপাৰেশ্যন সমল"। কংগ্ৰেছৰ যিগৰাকী বিধায়কক অযোগ্য বিধায়কক অযোগ্য বিবেচিত কৰা হৈছে তেওঁৰ নাম শ্যামকুমাৰ সিং।

চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাতৰ বাবে সাজু হৈছে বিৰোধী। পুনৰ কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যখনত চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। কংগ্ৰেছৰ নেতৃত্বৰ সৈতে সেই সন্দৰ্ভত আলোচনাও কৰিছে সদ্য পদত্যাগী মণিপুৰৰ উপ মুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে। কোনোফালৰ পৰাই এতিয়া মণিপুৰত বিজেপি চৰকাৰক ৰক্ষা কৰিব পৰা অৱস্থাত নাই বিজেপি নেতৃত্ব।

আনকি মণিপুৰৰ ৰাজ্যসভাৰ আসনখনো হৰুওৱাৰ পথত। এই আসনখনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী লেইচিম্বা ছানাজাওৱা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী টি মাংগী বাবু। শেষ মুহুৰ্তত এই আসনখনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয়ী হ'লেই বৰ্তমানৰ বিজেপিৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ যে সংখ্যাগৰিষ্ঠতা নাই সেয়া প্ৰমাণ হ'ব। চৰম অস্বস্তিত এতিয়া মণিপুৰৰ শাসক পক্ষ।

মণিপুৰত চৰকাৰ গঠনৰ সময়ত চাণক্যৰ ৰূপত ভুমুকি মৰা নেডাৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মা হাততো নাই কোনো উত্তৰ। কংগ্ৰেছক একক সংখ্যা গৰিষ্ঠতাৰ দলৰূপে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত মণিপুৰবাসীয়ে ২৮ খন আসন দিয়াৰ পাছতো চৰকাৰ গঠন কৰিছিল বিজেপিয়ে ২১ খন আসন লাভ কৰি। কিন্তু ইয়াৰ স্থায়িত্ব নাথাকিল। একেই দশা হ'ল বিজেপিৰ। শেষ ৰক্ষা নহ'ল এন বীৰেণ সিঙৰ চৰকাৰৰ। এয়া যেন চাণক্যৰ মুখতো পৰিল চূণ।