/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/siyang-new-23.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ ৰহস্যৰ পাছত ৰহস্যই আগুৰি ধৰা অৰুণাচল প্ৰদেশৰ চিয়াং নৈত অব্যাহত আছে অস্বাভাৱিক ঢৌ৷ যোৱা বছৰৰ অক্টোবৰ-নবেম্বৰ মাহত চিয়াং নদীৰ নীল বৰণীয়া পানী হঠাতে বোকাময় হৈ পৰাত এই কথা পোহৰলৈ আহিছিল। ইয়াৰ পিছত কেবাবাৰো নৈখনৰ বুকুত দেখা গৈছিল এনে অস্বাভাৱিক ঢৌ। কিছুগিন পূৰ্বেও সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল নৈখনৰ বুকুত ৰসহ্যজনক ঢৌ দেখা পোৱাৰ খবৰ।
চীনৰ পৰা বৈ অহা পানীত চিমেন্ট মিহলি হোৱা বুলি সৰ্বত্ৰে ব্যাপক চৰ্চা হৈছিল যদিও শেষত পাহাৰত হোৱা ব্যাপক ভূমিস্খলনৰ বাবেই চিয়াঙৰ পানী ঘোলা হৈ পৰিছিল বুলি পতিয়ন যাব লগা হৈছিল সকলো পক্ষ৷
চীনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাংপো নদীত কোনো বৃহৎ নিৰ্মাণ কাৰ্যৰ অভিযোগ প্ৰত্যাখ্যান কৰিছিল৷ কিন্তু বিগত কেবাদিনো ধৰি নৈখনত পুনৰ দেখা গৈছে সাগৰ সদৃশ ঢৌ।
ইয়াৰ মাজতে, পূৱ চিয়াং জিলা উপায়ুক্তই নৈ-পৰীয়া জনসাধাৰণক নদীৰ পানীত নানামিবলৈ দিয়া সকীয়নিয়ে চিয়াঙৰ কালৰূপকে সত্য প্ৰমাণিত কৰিছে বুলি চৰ্চা লাভ কৰা দেখা গৈছে৷ অৱশ্যে এই পৰ্যন্ত ভেদ হোৱা নাই চিয়াঙৰ বুকুত সৃষ্টি হোৱা দুই মিটাৰ পৰ্যন্ত উচ্চতাৰ প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৰ ৰহস্য৷
অৰুণাচল জল সম্পদ বিভাগৰ হাততো নাই ইয়াৰ কোনো উত্তৰ৷ অৰুণাচল প্ৰদেশ চৰকাৰ বা কেন্দ্ৰীয় জল আয়োগৰ পৰাও এই বিষয়ত হোৱা নাই কোনো বিজ্ঞান সন্মত অধ্যয়ন৷ চীনৰ পৰা বৈ অহা চাংপো নদীয়েই অৰুণাচলত চিয়াং নাম পাইছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/e1ae6180-bf86-42be-bbd4-1a67dd2701b6-212x300.jpg)
অবশ্যে চিয়াং নদী চীন সীমান্তৰ যি ঠায়েদি অৰুণাচল প্ৰদেশত প্ৰবেশ কৰিছে সেই গেলিং নামৰ ঠাইখনত চিয়াঙৰ বুকুত দেখা পোৱা হোৱা নাই প্ৰকাণ্ড ঢৌ৷ কিন্তু প্ৰায় এমাহৰ পাছতহে অৰুণাচল প্ৰদেশ চৰকাৰে চিয়াঙৰ প্ৰকাণ্ড ঢৌক কেন্দ্ৰ কৰি প্ৰথমটো সাৱধানবাণীৰ জাননী জাৰি কৰা কথাই চিয়াঙৰ বুকুৰ অস্বাভাবিক ঢৌৰ বিষয়টোক পুনৰ ৰহস্যজনক কৰি তুলিছে৷
চুবুৰীয়া চীনে জলসংকট দূৰ কৰাৰ প্ৰয়োজনত দক্ষিণাৰ পৰা উত্তৰলৈ জলপ্ৰৱাহ পৰিৱৰ্তনৰ প্ৰকল্প (SNDWP) অৰ্থা তিব্বত-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ পৰা চীনলৈ হিমালয় পৰ্বতামালাৰ তলেৰে সুৰংগ খান্দি পানী বোৱাই নিয়াৰ পৰিকল্পনা আৰু ইয়াৰ ৰূপায়ণৰ প্ৰাৰম্ভিক কাম বিগত সময়ত ভাৰত চৰকাৰৰ প্ৰতিবাদ সত্বেও সময়ে সময়ে চলাই আহিছে, চিয়াঙত বিগত কিছুদিন ধৰি নীলা পানী কলা হোৱা, বৃহ বৃহ ঢৌ অহা আদি তাৰেই কাৰণ হ'ব পাৰে বুলিও অৰুণাচল চৰকাৰে সন্দেহ কৰিছে। সেয়ে ইয়াৰ পানী জীৱকূলৰ বাবে বিষাক্ত হোৱাৰ আশংকাত আজি জিলা উপায়ুক্তই এনে নিৰ্দেশ জাৰি কৰিবলৈ বাধ্য হৈছে।