শান্ত হ’ল চাংপো-চিয়াং, উটি অহা ড্ৰামক লৈ ৰহস্য

শান্ত হ’ল চাংপো-চিয়াং, উটি অহা ড্ৰামক লৈ ৰহস্য

author-image
asomiyapratidin
New Update
চিয়াঙৰ পানীত অস্বাভাৱিক জোৱাৰঃ চীনৰ দুষ্কাৰ্যৰ সন্দেহ, অৰুণাচল চৰকাৰে ৰাইজক দিলে সকিয়নী

ডিজিটেল সংবাদ, ইটানগৰঃ চীন অধিকৃত তিব্বতৰ চাংপো নদীত ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান্ধটো সম্পূৰ্ণৰূপে পানীৰ সোঁতত উটি গৈছে ৷ চীন প্ৰশাসনে বেইজিঙৰ পৰা প্ৰেৰণ কৰা তথ্যত এই কথা নিশ্চিত কৰিছে ৷ ভাৰতৰ চৰকাৰক এই সন্দৰ্ভত প্ৰেৰণ কৰা তথ্যৰ উদ্ধৃতি দি অৰুণাচল প্ৰদেশ চৰকাৰৰ জল সম্পদ বিভাগৰ আয়ুক্ত বিদল টায়েঙে জানিবলৈ দিছে ৷

তেওঁ কয় যে চীনৰ য়াৰলুং চাংপো নদীত কোনো কৃত্ৰিম সৰোবৰ বা বান্ধ নাই ৷ যাৰ বাবে অৰুণাচল বা অসমৰ নামনি অঞ্চলত চীৱৰ পৰা চাংপো নদীয়েদি অতিৰিক্ত পানী বৈ অহাৰ সম্ভৱনা নাই ৷ অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ চীন সীমান্তৰ টুটিং আৰু পাছিঘাটত চিয়াং নদীৰ জলস্তৰ কালি নিশাৰে পৰা স্বাভাবিক হৈ আছে বুলিও অৰুণাচল চৰকাৰৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিছে ৷

ইপিনে অৰুণাচল প্ৰদেশ চৰকাৰে এতিয়াও চাংপো নদীয়েদি উটি অহা ৰহস্যজনক ৰঙা-নীলা ড্ৰামবোৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ কালি পূৱাৰে পৰা আপাৰ চিয়াং জিলাৰ য়িংকিয়ঙত চিয়াং নদীৰ বুকুত চীনৰ চাংপো নদীয়েদি বৈ অহা বিশাল জলাধাৰৰ লগত শতাধিৰ ড্ৰাম প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে ৷ ড্ৰামবোৰৰ ভিতৰত কিবা ৰাসায়নিক পদাৰ্থ থাকিবও পাৰে বুলি স্থানীয় লোকে আশংকা কৰিছিল ৷

ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ চীনৰ পৰা পানীৰ লগত এনেদৰে শতাধিক ড্ৰাম উটি অহা বিষয়টো কেন্দ্ৰীয় জল আয়োগে গুৰুত্ব সহকাৰে নোলোৱা বিষয়টোৱেও ৰহস্যৰ সৃষ্টি কৰিছে ৷ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টাবম ডায়ে এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিগত এৰছৰ ধৰি চিয়াং নদীত হৈ থকা অস্বাভাবিক পৰিঘটনাবোৰ সন্দৰ্ভত ভাৰত চৰকাৰে চীন চৰকাৰৰ লগত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিবলৈও ডায়ে দাবী জনাইছে ৷