/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/APSC-Scam.jpg)
ডিজিটেল ডেস্কঃ এপিএছচি কেলেংকাৰীত অভিযুক্ত ৬ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ৰাজ্য চৰকাৰে এক নিৰ্দেশনাযোগে বৰ্খাস্ত কৰা বিষয়াসকল ক্ৰমে দিলীপ কুমাৰ কলিতা, হৰ্ষজ্যোতি বৰা, চাবিৰা ইমৰাণ, জয়ন্ত কুমাৰ দাস, যতীন্দ্ৰ প্ৰসাদ বৰুৱা আৰু হেমন্ত শইকীয়া।
বৰ্খাস্ত কৰাৰ পূৰ্বে এই আটাইকেইজন বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল। ৰাকেশ পালৰ দিনত উৎকোচ দি চাকৰি লোৱা ৫৯ গৰাকী এপিএছ-এচিএছ বিষয়াক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ ভিতৰত অন্যতম আছিল এই ৬ গৰাকী বিষয়া।
ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰা ৬ জন বিষয়া বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us