কোৰোনা বিৰোধী যুঁজত চিকিমৰ জয়!

কোৰোনা বিৰোধী যুঁজত চিকিমৰ জয়!

author-image
asomiyapratidin
New Update
কোৰোনা বিৰোধী যুঁজত চিকিমৰ জয়!

ডিজিটেল ডেস্কঃ বৰ্তমানলৈকে কোৰোনামুক্ত হৈ থকা উত্তৰ-পূবৰ এখন ৰাজ্য হৈছে চিকিম। চিকিমত আজিলৈকে নাই এজনো কোৰোনাত আক্ৰান্ত ব্যক্তি, এক কথাত কবলৈ গলে কোৰোনা বিৰোধী যুঁজত জয়ী হৈছে চিকিম। শেহতীয়াকৈ চিকিমে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰিব কোনো পৰ্যটক।

ইতিমধ্যে চিকিম চৰকাৰে বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰি বিদেশী লোকৰ বাবে অনুজ্ঞাপত্ৰ জাৰি কৰাৰ প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰিছে। চিকিমৰ দৰে অৰুণাচলেও বিদেশী লোকৰ বাবে অনুজ্ঞাপত্ৰ জাৰি কৰাৰ প্ৰক্ৰিয়া সাময়িকভাৱে ৰাখিছে বন্ধ।

কোৰোনা বিৰোধী যুজঁখনত চিকিমৰ দৰে এখন ৰাজ্য কেনেকৈ ইমান দুৰ সফল হৈ তাক লৈ বহুতৰে মাজত এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। দৰাচলতে চিকিম দেশৰ সকলো ৰাজ্যতকৈ প্ৰথমে এই ক্ষেত্ৰত হৈছিল অধিক সৰ্তক। চীনত যেতিয়া কোৰোনাৰ সংক্ৰমণ তীব্ৰতৰ হোৱা আৰম্ভ কৰিছিল তেতিয়াই চিকিমবাসীয়ে প্ৰয়োজনীয়া সাৱধানতা অৱলম্বন কৰিছিল।

চলিত বৰ্ষৰ ২৭ জানুৱাৰীতে চিকিমে নিৰীক্ষণ কৰিছিল ৰাজ্যখনত প্ৰৱেশ কৰা প্ৰতিটো এন্ট্ৰি পইন্ট। বাহিৰৰ পৰা অহা প্ৰতিজন লোকক জৰুৰীভাৱে আইছ'লেচনত ৰখাৰ ব্যৱস্থাও কৰিছিল। কেৱল এয়াই নহয়, জানুৱাৰীৰে পৰা চিকিমৰ সকলো ৰাজনৈতিক কাৰ্যসূচী অনলাইনৰ জৰিয়তে সমাপন কৰা হৈছিল। ৰাজ্যখনৰ সকলো সিদ্ধান্ত মন্ত্ৰী, বিধায়কে অনলাইনৰ জৰিয়তে বৈঠক পাতিয়েই লৈছিল।

কোৰোনাৰ ক্ষেত্ৰত অধিক সৰ্তক হৈ যোৱা ৫ মাৰ্চৰ পৰা চিকিমত সকলো বিদেশী পৰ্যটকৰ বাবে দুৱাৰ বন্ধ কৰি দিছিল চিকিম চৰকাৰে। চিকিমবাসীয়েও চৰকাৰৰ সকলো সিদ্ধান্তৰ প্ৰতি আগবঢ়াইছিল প্ৰথমৰে পৰা পূৰ্ণ সমৰ্থন। চীনত কোৰোনাৰ ভয়াৱহ ৰূপ দেখি সকলো লোকে নিজেই দোকান-পোহাৰ বন্ধ কৰি হোম কোৱাৰেন্টাইন হৈ আছিল।

চিকিম চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছিল যে, চৰকাৰে সিদ্ধান্ত নোলোৱা পৰ্যন্ত ৰাজ্যৰ বাহিৰত থকা লোকসকল এতিয়া ঘৰলৈ নাহিব। সেই লোকসকলক আৰ্থিকভাৱে সহায় কৰিছিল চিকিম চৰকাৰে। শিক্ষাৰ্থীসকলৰ একাউন্টত ৫ হাজাৰ আৰু চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰত থকাসকলক ৩০ হাজাৰকৈ ধন একাউন্টত ভৰাই দিছিল চৰকাৰে।