/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/sikkimm-kUOB-621x414@LiveMint.jpg)
ডিজিটেল ডেস্কঃ পূৱ ছিকিমত সংঘটিত এক পথ দুৰ্ঘটনাত বৃহস্পতিবাৰে সন্ধিয়া ৪ গৰাকী ফুটবল খেলুুৱৈ নিহত হোৱাৰ লগতে আন ৬ গৰাকী গুৰুতৰভাৱে আহত হয়৷
জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া ডিক্কুৰ এটা স্থানীয় ফুটবল দলে খোংদঙত আয়োজিত এখন ফুটবল খেল খেলি দীচু-ৰাকডোং পথৰে উভতাৰ পৰত তেওঁলোকে যাত্ৰা কৰা এছইউভি বাহনখন এটা দ' খাৱৈত বাগৰি পৰে৷
এই ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ফুটবল খেলুৱৈকেইজনক উদ্ধাৰ অভিযান চলায় যদিও সিকিশ সিং (১৮), তাৰা চেতাৰী (২৭), সন্দেশ ৰায় (১৮) আৰু ৰাজকুমাৰ ৰায় (২৩) নামৰ ৪ গৰাকী খেলুৱৈৰ মৃত্যু ঘটে৷ আনফালে দুৰ্ঘটনাত আহত সকলক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷
দুৰ্ঘটনাটোত নিহত আটাইকেইগৰাকী খেলুৱৈ ছিকিমৰ ডিক্কু আৰু জাংবস্তীৰ নিৱাসী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷