শ্বিলঙৰ তিনি মাইলৰ পানী টেংকীত দুৰ্বৃত্তই ঢালিলে ম’বিল!

শ্বিলঙৰ তিনি মাইলৰ পানী টেংকীত দুৰ্বৃত্তই ঢালিলে ম’বিল!

author-image
asomiyapratidin
New Update
শ্বিলঙৰ তিনি মাইলৰ পানী টেংকীত দুৰ্বৃত্তই ঢালিলে ম’বিল!

ডিজিটেল ডেস্কঃ মেঘালয়ৰ শ্বিলঙৰ সমীপৱৰ্তী তিনি মাইলত এটা পানীৰ টেংকীত কোনো দুৰ্বৃত্তই ম'বিল জাতীয় সামগ্ৰী ঢালি দিয়ে। তিনি মাইলত থকা এই পানীৰ ৰিজাৰ্ভাৰটোৰ পৰাই প্ৰায় ১৮শ পৰিয়ালক পানী যোগান ধৰা হয়।

পানীৰ ৰিজাৰ্ভাৰটোৰ পৰা যোগান ধৰা পানীয়েই পাইছিল সেই অঞ্চলটোৰ লোকসকলে। স্থানীয় লোকে জানিবলৈ দিয়া মতে, কোনোবাই তাত ম'বিল ঢালি থৈ যোৱাৰ বাবেই পানীৰ বৰণ কৰা হোৱা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই।

ইফালে, পানী ৰিজাৰ্ভাৰটোত ক'লা তৰল তেল জাতীয় সামগ্ৰী কোনো লোকে মিশ্ৰন কৰি দিয়াৰ পাছত তিনি মাইলৰ সমগ্ৰ অঞ্চলটোত খোৱাপানীকে ধৰি পানীৰ ভীষণ সমস্যাই দেখা দিছে।