দুই ফৈদৰ মাজত সংঘৰ্ষঃ নিহত এজন, শ্বিলঙত জাৰি কৰা হৈছে সান্ধ্য আইন…

দুই ফৈদৰ মাজত সংঘৰ্ষঃ নিহত এজন, শ্বিলঙত জাৰি কৰা হৈছে সান্ধ্য আইন…

author-image
asomiyapratidin
New Update
দুই ফৈদৰ মাজত সংঘৰ্ষঃ নিহত এজন, শ্বিলঙত জাৰি কৰা হৈছে সান্ধ্য আইন…

ডিজিটেল সংবাদ, শ্বিলংঃ শনিবাৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলং আৰু ছহৰাত সান্ধ্য আইন জাৰি কৰা হয়। শুকুৰবাৰে পূব খাচী হিলছৰ ইচামাটি এলেকাত জনজাতি ছাত্ৰ সন্থা কে এছ ইউ আৰু অ-জনজাতিৰ লোকৰ মাজত সংঘটিত সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ পাছতেই জাৰি কৰা হয় কাৰ্ফিউ। এই সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে বৰা বজাৰ আৰু শ্বিলঙৰ আন প্ৰান্তত কেইবাজনো লোকৰ ওপৰত আক্ৰমণ চলাইছিল।

ইফালে, জিলা দণ্ডাধীশে সংবাদমাধ্যমৰ আগত সদৰী কৰা অনুসৰি, 'আইন শৃংখলাজনিত পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটাৰ আশংকা আছে। সেয়েহে লুমডিনগিৰি আৰু সদৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাসমূহত অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন জাৰি কৰা হৈছে।'

আনহাতে, এই সংঘৰ্ষত প্ৰায় ৯জনকৈ লোক গুৰুতৰভাৱে আহত হৈছিল। আৰু ইয়াৰে এজনৰ চিকিৎসালয়লৈ নি থকা অৱস্থাতে মৃত্যু হয়। নিহত যুৱকজন ৰূপচন্দ দেৱান বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, নিহত ৰূপচন্দ দেৱান বৰপেটা জিলাৰ মুছলিমপাৰাৰ ইব্ৰাহিম দেৱানৰ পুত্ৰ। তদুপৰি, আহত আন কেইজনো স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

উল্লেখ্য যে, শুকুৰবাৰে পূব খাচী হিলছৰ ইচামাটী গাঁৱৰ সমীপৰ শ্বেল্লাত এজন খাচী যুৱকৰ ওপৰত অ-আদিবাসী লোকে আক্ৰমণ চলাইছিল। যাৰ ফলত এই খাচী যুৱকজনে প্ৰাণ হেৰুৱায়। তদুপৰি, চহৰখনত দুখন বাহনত অগ্নিসংযোগ কৰাৰ লগতে পুৱা ভাগত কিছু সময়ৰ বাবে কাৰ্ফিউ আতৰাই দিয়া হৈছিল। এই উত্তপ্ত পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ ৬ জিলাত ম'বাইল ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়।

ইফালে, শুকুৰবাৰে সংঘটিত সংঘৰ্ষ সন্দৰ্ভত শ্বেল্লা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছাত্ৰ সংগঠন কে এছ ইউৱে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৮জনকৈ লোকক। গ্ৰেপ্তাৰ কৰা লোক কেইজন ক্ৰমে- সুশান্ত দাস, ৰঞ্জিত বৈদৈ, বিজিত বৈদৈ, কনল বৈদ্য, সজল দাস, জয় শৰ্মা, ইন্দিৰা মোহন শৰ্মা আৰু ৰাজেশ শৰ্মা।

প্ৰণিধানযোগ্য যে, চেৰাপুঞ্জী, শ্বিলঙকে ধৰি মেঘালয়ৰ পূব প্ৰান্তত সংঘঠিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত আতংকিত হৈ পৰিছে পশ্চিম মেঘালয় বিশেষকৈ গাৰো হিলছৰ তুৰা চহৰ। কিয়নো চহৰখনৰ লগতে গাৰো হিলছত বৃহৎ সংখ্যক অনাখাচী জয়ন্তীয়া তথা গাৰো লোকে বসবাস কৰাৰ লগতে ব্যৱসায়-বাণিজ্য চলাই আহিছে। গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ বৃহৎ সংখ্যক লোকৰ মুল ব্যৱসায়থলীয়েই এই তুৰা চহৰ।

তাৰোপৰি, বঙাইগাঁও, গোৱালপাৰা, দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলাৰ বহু সংখ্যক লোকে ইয়াত চাকৰি কৰে। সেয়ে অতি স্বাভাৱিকভাৱেই শুকুৰবাৰে চেৰাপুঞ্জীত এজন খাচী যুৱকৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া হিচাপে শনিবাৰে শ্বিলঙত এজন অনা-খাচী যুৱকক হত্যা কৰাৰ উপৰি ৮জনকৈ লোকক চুৰিকাঘাত কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে এই লোকসকলৰ মাজত এক প্ৰকাৰ হুৱা-দুৱাৰ সৃষ্টি হয়। জানিব পৰা মতে, বহু লোক শনিবাৰৰ দিনটোত ঘৰৰ পৰা বাহিৰলৈকে ওলোৱা নাই। ইফালে, গাৰো পাহাৰ প্রশাসনে হিংসাত্মক ঘঠনা সংঘটিত হোৱাৰ আশংকাত সমগ্ৰ তুৰা চহৰৰ লগতে দাঁতিকাষৰীয়া এলেকাসমূহত অৰ্ধসামৰিক, কেন্দ্ৰীয় সংৰক্ষিত বাহিনী আৰু মেঘালয় আৰক্ষীৰ বৃহৎ সংখ্যক জোৱান মোতায়েন কৰিছে।