শ্বিলঙৰ চিকিৎসকৰ সাফল্য, ৭৫ বছৰীয়া ৰোগীৰ দেহত লীডলেছ পেচমেকাৰ সংস্থাপন

শ্বিলঙৰ চিকিৎসকৰ সাফল্য, ৭৫ বছৰীয়া ৰোগীৰ দেহত লীডলেছ পেচমেকাৰ সংস্থাপন

author-image
asomiyapratidin
New Update
শ্বিলঙৰ চিকিৎসকৰ সাফল্য, ৭৫ বছৰীয়া ৰোগীৰ দেহত লীডলেছ পেচমেকাৰ সংস্থাপন

ডিজিটেল সংবাদ, শ্বিলংঃ শ্বিলংস্থিত নেগ্ৰিমছৰ চিকিৎসকসকলে হৃদৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত লাভ কৰিছে এক উল্লেখনীয় সাফল্য। চিকিৎসালয়খনৰ হৃদৰোগ বিশেষজ্ঞৰ এটা দলে ৭৫ বছৰীয়া এজন ৰোগীৰ দেহত সফলতাৰে সংস্থাপন কৰে লীডলেছ পেছমেকাৰ।

চিকিৎসকৰ দলটোৱে এই সফলতা লাভ কৰে যোৱা ২০ নৱেম্বৰত। ডাঃ অনিমেষ মিশ্ৰ আৰু ডাঃ অমিত মালব্যৰ নেতৃত্বত ৰোগীজনৰ দেহত সফলতাৰে সংস্থাপন কৰা হয় লীডলেছ পেচমেকাৰ।

উল্লেখ্য যে, সাধাৰণ পেচমেকাৰতকৈ এই লীডলেছ পেচমেকাৰ যথেষ্ট উন্নত। ২০১৪ ফেব্ৰুৱাৰী মাহত ভাৰতত প্ৰথমবাৰৰ বাবে কেৰালাত এজন ৰোগীৰ দেহত লীডলেছ পেচমেকাৰ সংস্থাপন কৰা হৈছিল। শেহতীয়াকৈ মেঘালয়ৰ নেগ্ৰিমছৰ এই সফলতাৰ পিছতে লীডলেছ পেছমেকাৰ সংস্থাপনৰ মানচিত্ৰত উত্তৰ-পূবো অন্তৰ্ভূক্ত হয়।