/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/SupremeCourt_Aug8_ET47nLt_134108_730x419-m.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ যোৱা ১৬দিনৰ পৰা মেঘালয়ৰ অবৈধ কয়লাখনিৰ দ' খাৱৈত আৱদ্ধ ১৩জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ বহু কেইটা উদ্ধাৰকাৰী দলে উক্ত স্থাপনত অভিযান চলাই আছে যদিও, বৰ্তমানলৈ সফলতা লাভ কৰা নাই।
বৃহস্পতিবাৰে এই সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰি উচ্চতম ন্যায়ালয়ে ৰাজ্যখনৰ চৰকাৰক প্ৰশ্ন কৰে- পূব জয়ন্তীয়া হিলছত যোৱা ১৩ ডিচেম্বৰৰ পৰা কয়লাখনিটোত আৱদ্ধ শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে?
উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰ হিচাপে ৰাজ্য চৰকাৰে কয়- 'কয়লাখনিত আৱদ্ধ শ্ৰমিক কেইজনক উদ্ধাৰ বাবে অহৰহ চেষ্টা চলাই অব্যাহত ৰখা হৈছে। ৭২গৰাকী এন ডি আৰ এফ জোৱান, ১৪গৰাকী নৌ সেনা জোৱানে যোৱা ১৪ ডিচেম্বৰৰ পৰা অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।'
তাৰপাছতেই মেঘালয় চৰকাৰৰ উত্তৰ বিপৰীতে পুনৰ উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে- 'উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ পাছতো কিয় সন্ধান হোৱা নাই শ্ৰমিক কেইজনৰ?'